Breaking

আজিৰ পৰা আৰম্ভ ন‌তাপ ! এই সময়ছোৱাত সূৰ্যৰ তাপ পৃথিৱীত জুইৰ দৰে বিয়পিব…

0 101

আজি ২৫ মে’ৰ পৰা আৰম্ভ হৈছে ন‌তাপ । এই সময়ৰ পৰাই সূৰ্য‌ই যেন পৃথিৱীৰ বুকুত জুই বৰ্ষাব। NASA-ই জনাইছে যে প্ৰতি বছৰ সূৰ্য‌ই যি সময়ত ৰোহিনী নক্ষত্ৰত অৱস্থান কৰে সেই সময়খিনিতে বিশ্বৰ বিভিন্ন ঠাইত আটাইতকৈ বেছি গৰম পৰে।

আজি ২৫ মে’ পুৱা ৩ বাজি ১৬ মিনিটত সূৰ্য‌ই ৰোহিনী নক্ষত্ৰত প্ৰৱেশ কৰে আৰু ১৫ দিনলৈ এই ৰোহিনী নক্ষত্ৰত অৱস্থান কৰিব। বছৰৰ আটাইতকৈ গৰমৰ সময় এই ১৫ দিন । এই ১৫ দিনৰ ভিতৰত প্ৰথম ৯ দিন উত্তাপ আটাইতকৈ বেছি হয় আৰু এই ৯ দিনক ন‌তাপ বোলা হয়। ২৫ মে’ৰ পৰা ২ জুনলৈ চলিব এই ন‌তাপ।

এই ৯ দিনক নৱতাপ বুলি অভিহিত কৰা হৈছে। এই নৱতাপ আজি ২৫ মে’ৰ পৰা অহা ২ জুনলৈকে চলি থাকিব। এই সময়ছোৱাত সূৰ্য্যৰ তাপৰ প্ৰখৰতা বহুত বেছি বাঢ়িব! সেইবাবেই চিকিৎসকেও সাধাৰণ মানুহক স্বাস্থ্য সচেতন হৈ থাকিবলৈ কৈছে।

Leave A Reply

Your email address will not be published.