হেঙুল থিয়েটাৰৰ মঞ্চত অনবদ্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছে টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেতা ‘নয়নজ্যোতি’য়ে। তিনিটিকৈ চৰিত্ৰতেই দক্ষতা প্ৰদৰ্শন।

টেলিভিচন জগতৰ তেওঁ এজন তেনেই চিনাকি মুখ। অতি শেহতীয়াকৈ মনোৰঞ্জন চেনেল ‘ৰঙ’ত সম্প্ৰচাৰ হোৱা ‘বৰষুণ’ নামৰ ধাৰাবাহিকখনত আবিৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰি অসমৰ ঘৰে ঘৰে চিনাকি হৈ পৰা অভিনেতাগৰাকী হৈছে নয়নজ্যোতি।

কাৰ্বি আংলঙৰ বোকাজানত জন্মলাভ কৰা আৰু পৰৱৰ্তী সময়ত পৰিয়াল সহিতে গোলাঘাটৰ স্থায়ী বাসিন্দা হোৱা নয়নজ্যোতিয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল আলী হাইদৰৰ নাটক ‘অহৈতুক স্বদেশপ্ৰীতি’ৰে। স্কুলীয়া দিনতে এইদৰে অভিনয় আৰম্ভ কৰা নয়নজ্যোতিয়ে বিভিন্ন নাটকত অভিনয় কৰি আহি বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু পৰৱৰ্তী সময়ত গোলাঘাটৰ ডিআৰ কলেজৰ পৰা শিক্ষা সাং কৰি গুৱাহাটীৰ National institute of Fashion and Textile technology, Guwahatiৰ পৰা মডেলিং আৰু গ্ৰুমিঙৰ ডিপ্লমা আৰু SR Film institute, Guwahatiৰ পৰা অভিনয়ৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে। আৰম্ভ কৰে কেমেৰাৰ আগত অভিনয়।

ৰাজেশ ভূঞা পৰিচালিত ভিডিঅ’ ছবি ‘চানেকি’ৰে কেমেৰাৰ সমুখত অভিনয় কৰিবলৈ আৰম্ভ কৰা নয়নজ্যোতিয়ে পৰৱৰ্তী সময়ত ‘তুমি দুচকুত কাজল ল’লে’, ‘পিতা-পুত্ৰ’,’বৈদেহী’,’অৰ্ধাংগিনী’,’আবেলিৰ ৰামধেনু’,’অচিন চিনাকি’,’উৰণীয়া মন’,’নিয়ৰৰ ফুল’,’নেদেখা ফাগুণ’,’অস্তিত্ব’,’অন্তহীন’,’অৱতাৰ’ আদি বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি অসমৰ দৰ্শকৰ প্ৰিয় হৈ পৰে।শেহতীয়াকৈ মনোৰঞ্জন চেনেল ‘ৰঙ’ত সম্প্ৰচাৰ হোৱা ‘বৰষুণ’ নামৰ ধাৰাবাহিকখনত আবিৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰি অসমৰ ঘৰে ঘৰে চিনাকি হৈ পৰা অভিনেতাগৰাকী হৈছে নয়নজ্যোতি।

চলিত নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত অভিষেক ঘটাইছে নয়নজ্যোতিয়ে। তিনিখন ভিন্নস্বাদৰ নাটকত তিনিটা ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে নয়নে। নয়নৰ অভিনয়ে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ দৰ্শক তথা অন্য জৰিত লোকসকলকো মোহিত কৰি তোলা দেখা গৈছে। হিমাংশু প্ৰসাদ দাসৰ ‘ৰঘুনাথ’ নাটকত এজন কৰ্তব্য পৰায়ণ দায়িত্বশীল আৰক্ষী বিষয়া, প্ৰনৱ বৰুৱাৰ ‘গোন্ধ’ নাটকত এজন খলনায়ক আৰু ৰাজদ্বীপৰ ‘বুদ্ধদেৱ’ নাটকত এটা অতিকৈ জটিল দ্বৈত চৰিত্ৰত নয়নে যি অভিনয় কৰিছে, সেয়া দৰ্শকে বহুদিনলৈ মনত ৰাখিব। দীৰ্ঘদেহী সুদৰ্শন নয়নজ্যোতিৰ সাৱলীল সংলাপ প্ৰক্ষেপণ, সমতুল শৰীৰ সঞ্চালনে ভ্ৰাম্যমাণৰ মঞ্চতো তেওঁৰ দক্ষতাৰ উমান দিছে। প্ৰথমটো নাট্যবৰ্ষতে কোনো খোকোজা নলগাকৈ তিনিওটা চৰিত্ৰ ৰূপায়ণ কৰাত সফল হৈছে নয়নজ্যোতি।

যিসকল যুৱ অভিনেতাই বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছে সেইসকলৰ ভিতৰত সকলোৰে চকুত পৰাকৈ সুন্দৰ অভিনয় কৰিবলৈ সক্ষম হোৱা এজন হৈছে নয়নজ্যোতি। আশা কৰা হৈছে অনাগত সময়ত নয়নজ্যোতি হৈ পৰিব অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন নিৰ্ভৰযোগ্য অভিনেতা,যাক মূল চৰিত্ৰ হিচাপে লৈ নাট্যকাৰে নাটক ৰচনা কৰিবলৈ বাধ্য হ’ব।

হেঙুল থিয়েটাৰৰ মঞ্চত অনবদ্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছে টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেতা নয়নজ্যোতিয়ে। তিনিটিকৈ চৰিত্ৰতেই দক্ষতা প্ৰদৰ্শন।

যিসকল যুৱ অভিনেতাই বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছে সেইসকলৰ ভিতৰত সকলোৰে চকুত পৰাকৈ সুন্দৰ অভিনয় কৰিবলৈ সক্ষম হোৱা এজন হৈছে নয়নজ্যোতি। আশা কৰা হৈছে অনাগত সময়ত নয়নজ্যোতি হৈ পৰিব অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন নিৰ্ভৰযোগ্য অভিনেতা,যাক মূল চৰিত্ৰ হিচাপে লৈ নাট্যকাৰে নাটক ৰচনা কৰিবলৈ বাধ্য হ’ব।

Related Articles