বজাৰলৈ আহি আছে নতুন চেনি, এই চেনি খালে বৃদ্ধি নহ’ব কলেষ্টেৰল আৰু বি পি…

বজাৰলৈ আহি আছে নতুন চেনি, খালে বৃদ্ধি নহ’ব কলেষ্টেৰল আৰু বি পি। লগতে ৰক্তচাপৰ পৰাও সকাহ পাব। এই চেনি ডায়েবেটিছ ৰোগীয়েও কাব পাৰিব। আমি সকলোৱে জানো যে বেছি চেনি খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিন্তু এতিয়া অতি সোনকালে বজাৰত নতুন চেনি আহিব, যি চেনি খালে কলেষ্টেৰল বা ৰক্তচাপও বৃদ্ধি ন’হব। এই চেনি খালে ফেটি লিভাৰৰ সমস্যাও হ্ৰাস কৰিব পাৰে।

এক খবৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় চেনি প্ৰতিষ্ঠানে প্ৰস্তুত কৰিছে এক নতুন প্ৰকাৰৰ চেনি। প্ৰতিষ্ঠানটোৰ সঞ্চালকে জনোৱা মতে, ইয়াৰ মূল্য স্বাভাৱিক চেনিৰ তুলনাত মাত্ৰ ২০ শতাংশহে বেছি হ’ব। ইয়াৰ পেটেণ্ট পোৱাৰ পিছত এই প্ৰযুক্তি ব্যৱসায়িক ব্যৱহাৰৰ বাবে দিয়া হ’ব। তেওঁ কয় যে এই চেনিত প্ৰতি গ্ৰামত ১৯ আই ইউ ভিটামিন এও থাকে, যিটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। অতি সোনকালে এই চেনিৰ ভিতৰত মেগনেছিয়াম, আইৰণ, জিংক, ভিটামিন বি ১২ আদিও অন্তৰ্ভুক্ত হ’ব।

Related Articles