New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা, আমাৰ আশাৰ বছৰ

২০২৪ বৰ্ষটোৱে বিদায় ল’লে আৰু ২০২৫ বৰ্ষ আহিল। বহুত আশাৰে, বহুত প্ৰত্যাশাৰে আৰু আনন্দ-উলাহেৰে সমগ্ৰ বিশ্বই আদৰিলে ইংৰাজী নৱবৰ্ষ ২০২৫ক।(New Year) সকলোৰে আশা এই নতুন বছৰটোত সকলোৰে ভাল হ’ব, সুখ-সমৃদ্ধিৰে উপচি পৰিব। ইয়াৰ বাবে পৰিকল্পনাও কৰি লৈছে প্ৰায় সকলোৱে। কাৰণ মানুহ যিমানেই সমস্যাৰ সন্মুখীন নহওক কিয়, প্ৰত্যাহ্বানৰ মুখামুখী নহওক কিয় সকলোৰে মনত এটা সময়ত নহয় এটা সময়ত নতুনক লৈ নতুন প্ৰত্যাশা জাগে। জীৱনটোক এই নতুন প্ৰত্যাশাৰ মাজতে নতুনকৈ গঢ় দিবলৈ ন ন পৰিকল্পনা লৈ ন উদ্যমেৰে কামত অগ্ৰসৰ হয়। ইয়াত কোনোবা সফল হয় আৰু কোনোবাই সফলতা নাপায়। হতাশো হয়।

তথাপি পৰিকল্পনাৰ পৰা বিচলিত নহয়। কাৰণ বৰ্তমান সময়ত পোৱাৰ আনন্দতকৈ নোপোৱাৰ বেদনা বা কষ্ট অধিক হয়। সমাজখন দিনে দিনে পংকিলতাৰ ফালে গতি কৰিছে। আমি প্ৰতিবাৰেই এটা নতুন বছৰ আহিলে যেনেদৰে স্ফূৰ্তি-তামাচা নকৰো কিয় বছৰটো কিন্তু আমি সেইদৰে ধুনীয়াকৈ সজাব নোৱাৰো। কমক চাৰি প্ৰতি বছৰে হিংসা-প্ৰতিহিংসা, অসূয়া-অপ্ৰীতি বাঢ়িহে গৈ থাকে। মানুহৰ মাজত যেন সহনশীলতা আৰু মানৱীয়তাৰ গুণবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। এয়াই আমাৰ দুৰ্ভাগ্য। আজিও আমি আমাৰ মৌলিক উপাদানখিনি যোগাৰ কৰোতেই জীৱন পাত কৰিবলগীয়া হয়। এতিয়া আমাৰ অৰ্থনীতি হৈছে কৰ্প’ৰেটনিৰ্ভৰ অৰ্থনীতি। আৰু এই কৰ্প’ৰেটনিৰ্ভৰ অৰ্থনীতিয়ে সৃষ্টি কৰা ৰঙীণ চমকত সাধাৰণ নাগৰিক চলাটোৱেই বৃহৎ সমস্যা হৈ পৰিছে। একাংশ ধনী শ্ৰেণীৰ কবলত খাটিখোৱা সাধাৰণ শ্ৰেণীটো দিনে দিনে পিষ্ট হৈ গৈ আছে। আজি অন্যায়-অনীতি, দুৰ্নীতি-ভ্ৰস্তাচাৰ, শোষণ-নিষ্পেষণ, লুণ্ঠনে ছানি ধৰিছে। বাক্‌-স্বাধীতাও হৰণ হ’বলৈ ধৰিছে। মুঠতে সকলো দিশৰ পৰা এক শ্ৰেণী লোক দিশহাৰা হৈ পৰিবলৈ ধৰিছে। খাদ্য, বস্ত্ৰৰ অভাৱত কোঙা হৈ পৰিছে এটা শ্ৰেণী। তেওঁলোক এতিয়াও জীয়াই আছে কেৱল আশ্বাসৰ ওপৰত। আশ্বাসে কিমানদূৰ সেইসকল লোকৰ জীৱন-যাত্ৰাত সাহস হৈ থিয় দিব পাৰিছে ইয়াক সঠিককৈ ক’ব নোৱাৰি। তথাপি এটা নতুন বছৰ আহিলেই এইসকল লোকো এটা দিনৰ বাবে হ’লেও আনন্দৰ মিছিলত যোগ দিয়ে, সহযোগ কৰে নতুন বছৰত তেওঁলোকৰো কিবা এটা নতুনত্ব আহক বুলি। এনেদৰেই প্ৰাপ্তি-অপ্ৰাপ্তি মাজেৰেই একোটা পুৰণি বছৰে বিদায় লয় আৰু এটা নতুন বছৰে ভুমুকি মাৰে। পাৰ হৈ যোৱা বছৰটোৰ প্ৰাপ্তি-অপ্ৰাপ্তি, সফলতা-বিফলতা, সুখ-দুখবোৰ পাহৰি যাব পাৰিলেও বা নোৱাৰিলেও আমি আটায়ে আদৰি লওঁ নতুন বছৰটোক। ইজনে সিজনক শুভেচ্ছা বিনিময় কৰো, যাতে নতুন বছৰটো সকলোৰে মংগল হয়।


আনহাতে, অসমত এতিয়াও কৃষকৰ নানা সমস্যা, শিক্ষকৰ সমস্যা, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভাৱ-অভিযোগৰ সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণৰ বিষয়টোক লৈ অসন্তুষ্টি, স্বাস্থ্য সেৱ খণ্ডত থকা অভাৱ তথা অবৈধ বিদেশী নাগৰিকৰ সমস্যা আদি বিষয়ক লৈ বিগত বৰ্ষটোত যেনে ধৰণেৰে আন্দোলন-প্ৰতিবাদ কৰিও সু-ফল লাভ কৰিবলৈ সক্ষম নহ’ল। সেইবোৰ অসমৰ জ্বলন্ত সমস্যা এই বৰ্ষটোতে চৰকাৰে নিশ্চয় সমাধান কৰিব বুলি আমি এশ শতাংশই আশাবাদী।কাৰণ বছৰটোৰ প্ৰথম দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কৈছে– ‘বিগত বৰ্ষটো আছিল আমাৰ বাবে ‘প্ৰাপ্তি’ৰ বছৰ। টাটাৰ ছেমিকণ্ডাক্টৰৰ বিনিয়োগে অসমলৈ আনিব এটা নতুন যুগ। এয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আমিও আশাবাদী এয়াই হওক নতুন বছৰটোত। অসমে সফলতাৰে লাভ কৰক এটা সম্পূৰ্ণ নতুন বছৰ। আনহাতে, অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবেও দিছে ভাল খবৰ।

ইয়াৰ উপৰি আৰু বহুতো ঘোষণাই অসমৰ ৰাইজৰ মনত নতুন বছৰটোত কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে। আশাকৰো আকৌ যাতে এই নতুন বৰ্ষটোত আমি জনগণ আশাহঁত হ’বলগীয়া নহয়। আকৌ যাতে জনসাধাৰণ আন্দোলনমুখী হ’বলগীয়া নহয়। একে দিনাই অসমৰ সকলো সমস্যাৰ সমাধান আমি বিচৰা নাই। কিন্তু পৰ্যায়ক্ৰমে সমস্যাবোৰৰ সমাধান হওক এই নতুন বৰ্ষটোত। চৰকাৰেও জনসাধাৰণক দিয়া ‘আশ্বাস’বোৰ ‘বিশ্বাস’লৈ পৰিণত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰক। নতুন বছৰটোত আমি তাকেই আশা কৰিম। মুখ্যমন্ত্ৰীয়ে নতুন বছৰটোৰ পহিলা দিনটোত জনসাধাৰণৰ উদ্দেশ্যে কোৱা কথাবোৰ বাস্তৱ হৈ উঠক। আমি আশাবাদী। ৰাজনীতিত আশাই হ’ল একমাত্ৰ ভৰসা। আশাই মানুহক কঠিন সময়বোৰত পৰিৱৰ্তনৰ বাবে যুঁজিবলৈ সাহস আৰু শক্তি প্ৰদান কৰে। আমি নতুন বছৰটোত আকৌ ধৈৰ্যৰে আশাক লৈ জীয়াই থাকিব লাগিব যদিও সকলোৱে কৰ্মোদ্যোগী হৈ ন্যায্য আৰু ন্যায়পৰায়ণ সমাজ গঢ়ি তুলিবলৈ আহোপুৰুষৰ্থ কৰিব লাগিব নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰাই। আমি দিনে দিনে পৰমুখাপেক্ষী হৈ গৈ আছো। কেৱল আমি চৰকাৰকে আশা কৰি বহি থাকো। কিন্তু জীৱনৰ এই অমূল্য সময়খিনি আনৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰো আমাৰ জীৱনত সুখ-সমৃদ্ধি লাভ কৰিবলৈ বেছি দিন হয়তো অপেক্ষা কৰিবলগীয়া নহ’ব। চৰকাৰেও আশাকৰো নতুন বছৰটোত ৰাইজক হিতাধিকাৰী সজোৱাতকৈ নতুন নতুন কৰ্মৰ জৰিয়তে উপাৰ্জৰ পথ দেখুৱাক। তেতিয়া মানুহ কৰ্মমুখী হ’ব পাৰিব। নহ’লে দিনে দিনে মানুহৰ মাজত কৰ্মবিমুখতাই বৰ বেয়াকৈ ঘেৰি ধৰিছে। গাঁওবোৰত আজিকালি কাম কৰা মানুহ প্ৰায় নোহোৱা হৈছে। ইয়াৰ অৰ্থ কিন্তু মানুহ ধনী হোৱাতো বুজোৱা নাই।

তেওঁলোক কৰ্মৰ প্ৰতি উদাসীন হৈছে। কাৰণ আজিৰ দিনত কাম নকৰাকৈয়ে আৰামত খাবলৈ পায়। চৰকাৰে বিনামূলীয়া চাউল দিছে, ধন দিছে, ৠণ লোৱাসকলক ৠণৰ পৰা মুক্ত কৰি দিছে। গতিকে কাম কৰিনো কি হ’ব। এয়া বাৰু অন্ধকাৰ ভৱিষ্যতৰ ইংগিত নহয় নে ? গতিকে আশাকৰো, নৱবৰ্ষত কথাবোৰ চৰকাৰেও নতুনকৈ চিন্তা কৰিব। আমাৰ জনসাধাৰণেও কথাবোৰ অলপ গমি-পিটি চাওক নতুন বছৰটোৰ আৰম্ভণিতেই। কৰ্মইহে প্ৰকৃত ধৰ্ম। কৰ্ম অবিহনে ধৰ্মৰ মূল্য নাই। ব্ৰাজিলৰ শিক্ষাবিদ আৰু দাৰ্শনিক পাউলো ফ্ৰেইয়াৰৰ দৰে দাৰ্শনিক পণ্ডিতে ‘পেডাগজি অৱ হোপ’ত কৈছে যে ‘আশাই মানুহক অত্যাচাৰক প্ৰত্যাহ্বান জনাবলৈ আৰু মুক্তিৰ বাবে চেষ্টা কৰিবলৈ শক্তিৰ সঞ্চয় কৰে’। গতিকে আমাৰ দৰে এখন দেশৰ বাবে এই ধাৰণাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। আমি এতিয়াও পাবলৈ বহুত আছে। সেয়া পাবলৈ কষ্ট কৰিব লাগিব, যুঁজিব লাগিব। কেৱল আনৰ মুখলৈ চোৱা নীতি পৰিহাৰ কৰিব লাগিব। এটা সৰু উদাহৰণ দিওঁ— কেৰিবিয়ানৰ এটা সৰু দ্বীপ হ’ল কিউবা। এই দেশখন শক্তি, সাহসৰ প্ৰতীক, যুঁজি যুঁজি জীয়াই থকাৰ জীৱন্ত প্ৰতীক। ১৯৯১ চনত যেতিয়া ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল, তেতিয়া কিউবাৰ বাবে এক বৃহৎ বিপৰ্যয় নামি আহিছিল। কিয়নো দেশখন অৰ্থনীতিৰ বাবে ছোভিয়েটৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল আছিল। কিউবাত সেই সময়ত খাদ্যৰ নাটনি, বিদ্যুতৰ নাটনি আৰু বিশেষকৈ অৰ্থনীতিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছিল। ইমানবোৰ প্ৰত্যাহ্বানৰ মাজতো কিউবাৰ জনসাধাৰণে যথেষ্ট শক্তি আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল আৰু দেশখনৰ উন্নতিত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। কাৰণ তেওঁলোকৰ কৰ্মস্পৃহা আছিল। সাহস আছিল, পৰমুখাপেক্ষী হৈ বহি থকা নাছিল। তেওঁলোকৰ আশা আছিল দুৰ্বাৰ। যিয়ে তেওঁলোকক অনুপ্ৰাণিত কৰি তুলিছিল। আৰু এটা সময়ত তেওঁলোকৰ প্ৰচেষ্টা সফল হ’ল আৰু পুনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তন হ’ল। কথাটো এই কাৰণেই উনুকিয়ালো যে আমাৰো সকলো আছে। সাহস আছে, সমল আছে। আমিও এই নতুন বছৰটোতে পণ লওঁ আহক যে আমিও এটা উন্নত জাতি হৈ স্বাধীনভাৱে আগুৱাই যাম। শিক্ষা, সংস্কৃতি, বিজ্ঞান-প্ৰযুক্তিৰে, কৰ্ম সংস্কৃতিৰে আগবাঢ়ি যাম। নহ’লে ভৱিষ্যতে আমি পংগু জাতিত পৰিণত হ’ম।


বিগত বৰ্ষটোত আমি বহুতো আশাৰ সমল দেখিবলৈ পালো। অসমীয়াৰ প্ৰজ্ঞাই আমাক গৌৰৱান্বিত কৰিলে। এয়াই আমাৰ আশা। বিগত বৰ্ষটোতে অসমীয়া ভাষাই ‘ধ্ৰুপদী’ ভাষাৰ স্কীকৃতি পালে। প্ৰতিভাৱান যুৱতী ৰীমা দাস অস্কাৰ সমিতিলৈ মনোনীত হ’ল। নোবেল জয়ীৰ গৱেষণাৰ সহযোগী হ’ল ৰুবুল মাউত, বিশাল দত্তৰ ছবিয়ে হলীউডত চমক সৃষ্টি কৰিবলৈ সক্ষম হ’ল, বিজ্ঞানী মুকুট গোহাঁইৰ নেতৃত্বত আৱিষ্কৃত এনমেটাজোবৃক্টামে লাভ কৰিলে মাৰ্কিন স্বীকৃতি, হাড়গিলা সংৰক্ষৰণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিলে গ্ৰীণ অস্কাৰ, ব্ৰিটেইনত সাংসদ হিচাপে মনোনীত হ’ল আয়েশা হাজৰিকা, ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হ’ল ৰিয়ান পৰাগ, বিশ্ব যুৱ ভাৰোত্তোলনত স্বৰ্ণ জয় বেদব্ৰত ভৰালীৰ। ইয়াৰ উপৰি জল-স্থল-মহাকাশতো জিলিকিল অসম সন্তান বিগত বৰ্ষটোত। সেইসকলৰ ভিতৰত- ডিমৌৰ পৰা গৈ লণ্ডনৰ ইউনিভাৰ্ছিটী কলেজৰ অধ্যাপক হিচাপে কৰ্মৰত বুদ্ধ ডেকাই অধিক শক্তিশালী ক্ষুদ্ৰ বেটাৰীৰ কৌশল উদ্ভাৱনেৰে চমক সৃষ্টি কৰিছে, মৰাণহাটৰ গণিতজ্ঞ কুঞ্জ কানন নাথে ফ্ৰান্সৰ ইনষ্টিটিউট ইলি এনে ছ’চাইটীত দিয়া গৱেষণা-পত্ৰই বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে। মহাজাগতিক ক্ষেত্ৰৰ গৱেষণাত জড়িত জ্যোতিৰ্বিজ্ঞানী ৰংমন বৰদলৈ হৈছে গৈ নাছাৰ বিজ্ঞানী। এয়াই আমাৰ অসমীয়া হিচাপে গৌৰৱ, আমাৰ আশা। এই বৰ্ষটো আমি নিশ্চয় আৰু ন ন গৌৰৱেৰে জিলিকিব পাৰিম। নতুন আশাৰে উদ্ভাসিত হৈ উঠিম। জিলিকিব লুইতৰ দুয়ো পাৰ। নতুন বছৰটো আমাৰ এয়াই প্ৰত্যাশা, আমাৰ আশা।

লেখকঃ ভূপেন মহন্ত

Related Articles