Breaking

শ্ৰীমন্ত শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

0 2,436

বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিষয়াৰ  কাৰ্যালয়ৰ অন্তৰ্গত ভাতকুছিস্থিত শ্ৰীমন্ত শংকৰ-মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু শৈক্ষিক পৰিৱেশ সম্পৰ্কীয় সভাখন আজি পূৱা ১০ বজাত অতি  অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈ যায়। উক্ত  শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ছাদেক আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত নৱাগত আদৰণি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰ্থনীতি বিভাগৰ প্ৰৱক্তা শিৰাজুল হকে। বিদ্যালয় খনৰ শিক্ষা বিভাগৰ মুৰব্বী প্ৰৱক্তা ৰুমী দাসে ছাত্ৰ-ছাত্ৰীক জীৱনৰ লক্ষ্য, উদ্দেশ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উপদেশ মূলক বক্তব্য আগবঢ়ায়। একেদৰে ইতিহাস বিভাগৰ মুৰব্বী প্ৰবক্তা সামেজ উদ্দিন আহমেদ, ইংৰাজী বিভাগৰ মুৰব্বী প্ৰবক্তা আব্দুল হক আদিয়ে ছাত্ৰ-ছাত্ৰীক আত্মসংযম ৰক্ষা কৰি নিজৰ কৰ্তব্য পালন কৰি সমাজত এজন সুপ্ৰতিষ্ঠিত ব্যাক্তি হিচাপে নিজকে গঢ়াৰ বাবে কৰণীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মূল্যবান ভাষণ আগবঢ়ায়। অনুষ্ঠানটিত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলে গীত- মাত,কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত প্ৰীতি চাহমেলৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.