College Majuliমাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন

College Majuli মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ গোস্বামী স্নাতক মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ ২০২৪ বৰ্ষৰ নৱাগত আদৰণী সভাখন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নীতাৰাণী চুতীয়াক শ্ৰেষ্ঠ স্নাতক বঁটা প্ৰদান 

দৈনন্দিন বাৰ্তা বিকাশ শইকীয়া, মাজুলী ২১ ছেপ্টেম্বৰঃ

College Majuli মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ গোস্বামী স্নাতক মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ ২০২৪ বৰ্ষৰ নৱাগত আদৰণী সভাখন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নৱাগত আদৰণী সভা উপলক্ষে পুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জৰিয়তে মহাবিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰা হয়। তাৰপিছত পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক জিতুমণি বৰাই। ইয়াৰ পিছত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি যদু কলিতাই। ছহিদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰংগৰস মহন্তই। তাৰপিছত মহাবিদ্যালয়ৰ মূল তোৰণৰ পৰা নৱাগত ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়া আৰু শিক্ষক কৰ্মচাৰী সকলে ধূপ-ধুনা জ্বলাই, চন্দনৰ তিলক পিন্ধাই আনুষ্ঠানিকভাৱে আদৰণী জনায়।‌
পুৱা দহ বজাৰ পৰা ন- পুৰনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যাপিকা জানমণি সেনাপতি, মায়ুমী শইকীয়া, নন্দী নৰহ, শুভা টাইদে পৰিচালনা কৰা উক্ত অন্তৰংগ আলাপত ছাত্ৰ ছাত্ৰীসকলে গীত,নৃত্য, অভিনয়, কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে । ১১’ বজাৰ পৰা নৱাগত আদৰণী সভাৰ মুকলি সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতৰে শুভাৰম্ভ হোৱা মুকলি সভাৰ আঁত ধৰে যদু কলিতাই। মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ তথা মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পৰমানন্দ দেৱ গোস্বামীয়ে। সভাত নিৰ্দিষ্ট বক্তাৰ তত্ত্বগধুৰ ভাষন প্ৰদান কৰে পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিতে । সভাত বিশিষ্ট অতিথি হিচাপে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ঘনকান্ত নাথ, পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা গজেন বৰাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে। মুকলি সভাত মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ পৰা প্ৰথম শ্ৰেণী লাভ কৰা, মেধাৱী ছাত্ৰী নিতাৰাণী চুতীয়াক ২০২৪ বৰ্ষৰ ” বনমালী বেজ সোঁৱৰণী ” শ্ৰেষ্ঠ স্নাতক বঁটা ( দাতা-জিতুপৱন বেজ) প্ৰদান কৰে। সভাত মাকন বৰা সোঁৱৰণী ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত পুৰস্কাৰ ( দাতা – জিতুমণি বৰা)কৌস্তৱ কৌশিক বৰঠাকুৰক প্ৰদান কৰে। হীৰক জ্যোতি বৰা আৰু অভিনন্দন বৰাই বৰগীত পৰিৱেশন কৰা সভাখনিৰ শলাগ জ্ঞাপন কৰে যদু কলিতাই।
নৱাগত আদৰণী সভা উপলক্ষে বিয়লি দুই বজাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা কৰে অধ্যাপিকা মায়ুমী শইকীয়াই। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰাৰ লগতে অতিথি শিল্পী ৰিংকি ৰিয়া ভঁৰালীয়ে গীতৰ শৰাই আগবঢ়ায়। 

অধিক খৱৰ বাবে পঢ়ক Maa Kamakhya Temple: কামাখ্যা মন্দিৰত ২৫ ছেপ্টেম্বৰৰ পৰা ১৫ দিনীয়াকৈ শাৰদীয় দুৰ্গোৎসৱ

Related Articles