ভেৰগাঁৱৰ ৰঙাজুলিত নৱ নিৰ্মিত শিৱমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা-বেদীৰ দ্বাৰ উন্মোচন

ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ৰঙাজুলিত চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰী শ্ৰী শিৱমূৰ্তি প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ আজি দ্বিতীয় দিনা অগণন ভক্তৰ উপস্থিতিত ৰঙাজুলি ভোলানাথ মন্দিৰ প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা বেদীসহ ১৯ ফুট উচ্চতাৰ শিৱমূৰ্তি উন্মোচন কৰা হয়।

এই উপলক্ষে আজি পুৱা শতাধিক ধৰ্মপ্ৰাণ মহিলাই অংশগ্ৰহণ কৰা কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে স্থানীয় সমাজকৰ্মী তথা গ্ৰাম প্ৰধান ৰমাকান্ত বড়াই। ইয়াৰ পিচতে  সুদূৰ নেপালৰ পৰা মহোৎসৱত উপস্থিত হোৱা সন্যাসী শ্ৰী শ্ৰী কল্যান দাস মহাৰাজ ত্যাগী আৰু কিচন দাস মহাৰাজৰ লগতে ওদালগুৰি জিলাৰ পূজাৰীদ্বয় লক্ষীৰাম দাস আৰু ৰাম দাসৰ পৰিচালনাত মহোৎসৱথলীত হোম- যজ্ঞ অনুষ্ঠিত হোৱাৰ পিচত পুৰোহিতে পূজা- অৰ্চনাৰে নৱ নিৰ্মিত শিৱ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰে। আবেলি ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰাই নৱ নিৰ্মিত শিৱ মূৰ্তিৰ বেদীৰ দ্বাৰ উদঘাটন কৰে।

তেওঁ ভোলানাথ মন্দিৰ প্ৰাংগণত স্থাপিত বৃহৎ শিৱ মূৰ্তিৰ  দাতা ধ্ৰুৱজ্যোতি বড়োৰ আধ্যাত্মিক মনৰ  শলাগ লয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে মূৰ্তিৰ দাতা ধ্ৰুৱজ্যোতি বড়ো আৰু সমাজকৰ্মী শান্তিৰাম ডেকাই। ইয়াৰ পিচতে জাগৰণ, নাম কীৰ্ত্তন আদি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়।

কাইলৈ পুৱা প্ৰাতঃ শিৱ পূজনৰ পিচত  নাগাৰা নাম পৰিৱেশন কৰা হ’ব। আবেলি কীৰ্ত্তন অনুষ্ঠিত হ’ব। সন্ধিয়া বি টি চিৰ কাৰ্যবাহী সদস্য ৰনেন নাৰ্জাৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিচত জাগৰণ, কীৰ্ত্তন, নাম প্ৰসংগ আদি অনুষ্ঠিত হ’ব। সেইদৰে ১৯ফেব্ৰুৱাৰীৰ পুৱা প্ৰাতঃ শিৱ পূজনৰ পিচত আয়তীৰ নাম পৰিৱেশন কৰা হ’ব। 

আবেলি নাম কীৰ্ত্তন অনুষ্ঠিত হোৱাৰ পিচত  সন্ধিয়া যুৱ সমাজকৰ্মী তথা ওদালগুৰি জিলা বি জে পিৰ অন্যতম সম্পাদক জৌশ্ৰাং বড়োৱে বন্তি প্ৰজ্বলন কৰিব । ইয়াৰ পিচত অনুষ্ঠিত হ’বলগীয়া জাগৰণ, কীৰ্ত্তন, নাম প্ৰসংগ আদিৰ অন্তত মহোৎসৱৰ সামৰণি পৰিব।

Related Articles