Breaking

বাইহাটাৰ কৰৰাত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সতীৰ্থ সন্মিলনত সম্বৰ্ধনা…

0 22

৪নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২নং কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি কমলপুৰ মণ্ডল, বেজেৰা মণ্ডল আৰু বিহদিয়া জাঁজীকোনা মণ্ডলৰ সহযোগত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়।সতীৰ্থ সন্মিলনত প্ৰায় সংখ্যক বিজেপি দলৰ নেতা কৰ্মী সকল উপস্থিত হৈ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা সাংসদ গৰাকীক উষ্ম সম্বৰ্ধনা জনাই।

সাংসদগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কুচকাৱাজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে।এই অনুষ্ঠান সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিগত লোকসভা নিৰ্বাচনত বিজেপি দলেই কৰা প্ৰদৰ্শনৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।লগতে এই অনুষ্ঠানত আগন্তুক দিনত বিজেপি দলক কিদৰে আৰু অধিক শক্তিশালী ৰূপত পোৱা যায় তাৰ ওপৰত আলোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.