নাছিকৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সুৰগানা মৌজাৰ এখন সৰু গাওঁ দাণ্ডিচি বাৰী।
গোটেই গাওঁখনত প্ৰায় ৩০০ লোকে বাস কৰে। কিন্তু গাঁওখনলৈ বিয়া হৈ অহাৰ দুই বা তিনি দিনৰ ভিতৰতে বহু কইনাই পলায়ন কৰে। দাণ্ডিচি বাৰী গাঁৱৰ বাসিন্দাসকলে গোটেই বছৰটো খোৱা পানীৰ সমস্যাত ভুগি আছে। যিসকলে এই গাওঁখনত ডাঙৰ-দীঘল হৈছিল, তীব্ৰ পানীৰ অভাৱত থকা বাবেই তেওঁলোক এই জীৱনত অভ্যস্ত।
কিন্তু যিসকলে বাহিৰৰ পৰা এই গাওঁলৈ আহে তেওঁলোকে সমস্যাত পৰে। সেয়ে পানীৰ অভাৱ সহ্য কৰিব নোৱাৰিয়েই বহু নতুনকৈ বিয়া হোৱা কইনাই গাঁও খনৰ পৰা পলায়ন কৰে বুলি বহুতে কৈছে।
পানী নথকাৰ বাবেই গাওঁখনত বহু মহিলাই থাকিব নিবিচাৰে। “২০১৪ চনত গাওঁখনৰ এজন ব্যক্তিয়ে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন মাত্ৰ দুদিন ধৰি বৰ্তি আছিল। বিয়াৰ দুদিন পিছত, কইনাই তেওঁৰ স্বামীৰ ঘৰ এৰি গৈছিল। ঘটনাটো মানুহৰ মাজত ব্যাপকভাৱে বিয়পি পৰিছিল। ” গাঁও খনৰ বাসিন্দা গোবিন্দই এনেদৰে কয়। পানীৰ ভাৱৰ বাবেই বহু মহিলাই গাঁও এৰি যোৱাৰ কথাও তেওঁ কয়।
গাঁৱৰ মহিলাসকলে খোৱা পানী আনিবলৈ পাহাৰৰ তললৈ যাব লাগে। বহু কষ্ট কৰি পাহাৰ বগাই পানী অনাটো কষ্টকৰ বাবেই বহু মহিলাই বিয়াৰ পিছতে গাঁও খন এৰি যায়।
গোবিন্দই লগতে কয় যে এই গাওঁখনৰ মহিলাসকলে প্ৰতি বছৰে গ্ৰীষ্মকালত, মাৰ্চৰ পৰা জুনলৈ, পাহাৰৰ তলত প্ৰায় শুকাই যোৱা নদীৰ পৰা পানী আনিবলৈ ডেৰ কিলোমিটাৰ খোজ কাঢ়িব লাগে।
গাওঁখনৰ গৃহিণীসকলে শুকান নদীৰ মাজত থকা শিলবোৰৰ ফাঁকৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। গাওঁখনৰ বাসিন্দা লক্ষ্মীবাই ৱাছলে কয় , “এটা কলহ ভৰ্তি হ’বলৈ তিনি ঘণ্টালৈকে সময় ৰ’ব লাগিব পাৰে। পানীলৈ ঘূৰি আহোতে প্ৰায়ে ৰাতি হয়। ”চৰকাৰেও আজিলৈকে গাঁওখনত পানী যোগান নাই।