আমাৰ সমাজত চাহ নোখোৱা মানুহ প্ৰায়েই নাই। কাৰ্যালয় বা ঘৰ, আড্ডা বা অনুষ্ঠান কেতিয়াও চাহ অবিহনে ভাবিব নোৱাৰি। গৰম চাহে গা-মন সজীৱ কৰে, ভাগৰ দূৰ কৰে।
কিন্তু কিছুমান মানুহে চাহ খোৱাৰ পিছতে পানী খায়।
গৰম চাহ খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাস ভাল নে বেয়া বুলিও এক কৌতুহল আছে।
চিকিৎসকৰ মতে গৰম চাহ খোৱাৰ পিছত ঠাণ্ডা পানী খোৱা অভ্যাস অস্বাস্থ্যকৰ। ফলত বিভিন্ন শাৰীৰিক জটিলতা বাঢ়িব পাৰে।
গৰম চাহ খোৱাৰ পিছত পানী খোৱাৰ ফলত কি কি সমস্যা হ’ব পাৰে জানো আহক।
বদহজম
যিকোনো গৰম খাদ্য বা পানীয় খোৱাৰ পিছত ঠাণ্ডা যিকোনো বস্তু খোৱাটো একেবাৰেই উচিত নহয়। ই বদহজমৰ দৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
পেট ফুলা
চাহ খোৱাৰ পিছত পানী খালে গেছৰ সমস্যাৰ উপৰিও পেট ফুলা বা কোষ্ঠকাঠিন্য আদি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
দন্ত সমস্যা
একেৰাহে গৰম আৰু ঠাণ্ডা খাদ্য খালে দাঁত আৰু আঁঠুৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায়।
এই অভ্যাসটো দীৰ্ঘদিন ধৰি থাকিলে দাঁতৰ ইনামেল ক্ষয় যাব পাৰে। ইয়াৰ উপৰিও ই আঁঠুৰ ক্ষতি কৰে।
ৰক্তক্ষৰণৰ আশংকা
চাহ খোৱাৰ পিছত পানী খালে শৰীৰ অতিমাত্ৰা গৰম হ’ব পাৰে। এই সমস্যা বিশেষকৈ গ্ৰীষ্মকালত অধিক হ’ব পাৰে। উতলি থকা গৰম চাহ খোৱাৰ পিছত ঠাণ্ডা পানী খালে শৰীৰ অতিমাত্ৰা গৰম হ’ব পাৰে।
আনকি নাকৰ পৰা তেজ ওলোৱাৰ আশংকাও থাকে।