তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব নেকি, ইউক্ৰেইনে কি দাবী কৰিছে

ইউক্ৰেইনস্কা প্ৰভাদা “ইউপি১০০” বঁটা প্ৰদান অনুষ্ঠানত ভাষণৰ সময়ত ভেলেৰী জালুজনীয়ে এই কথা কয়।

বৰ্তমান ব্ৰিটেইনত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰাক্তন সামৰিক সেনাধ্যক্ষগৰাকীয়ে কয় যে উত্তৰ কোৰিয়াৰ সেনা আৰু চীনৰ অস্ত্ৰ ইউক্ৰেইন যুদ্ধত জড়িত।

ইউক্ৰেইনৰ মিত্ৰ দেশসমূহক নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু দেশখনৰ সীমাৰ বাহিৰলৈ সংঘাত বিয়পি পৰাত বাধা দিবলৈ আহ্বান জনাই ভেলেৰী জালুজনীয়ে কয় যে ইউক্ৰেইনৰ ভূখণ্ডত ইয়াক বন্ধ কৰাটো এতিয়াও সম্ভৱ। কিন্তু কিবা কাৰণত আমাৰ অংশীদাৰসকলে এই কথা বুজিব নিবিচাৰে।
এনে পৰিস্থিতিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধত ‘গোলকীয়’ যুদ্ধৰ বৈশিষ্ট্য দেখা পাইছে। প্ৰয়োজন হ’লে পশ্চিমীয়া দেশসমূহক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি তেওঁ সকীয়াই দিয়ে।

এক ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যদি আক্ৰমণাত্মক কাৰ্যকলাপ বৃদ্ধি পায় তেন্তে আমি সমানে সঁহাৰি দিম। যিবোৰ দেশে আমাৰ সামৰিক স্থাপনত নিজৰ অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে, সেইবোৰ দেশৰ সামৰিক স্থাপনত আক্ৰমণ কৰাৰ অধিকাৰ ৰাছিয়াৰ আছে। যদি কোনোবাই এই কথাত সন্দেহ কৰে তেন্তে তেওঁলোকৰ ভুল।

জনা গৈছে যে ইউক্ৰেইনে যোৱা মঙলবাৰ আৰু বুধবাৰে পশ্চিমে প্ৰদান কৰা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভূখণ্ডত আক্ৰমণ চলাইছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাছিয়াই বৃহস্পতিবাৰে ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলত নতুন ধৰণৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। প্ৰথম অৱস্থাত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM) বুলি ভবা হৈছিল, পিছত মস্কোৱে কয় যে ই নতুন প্ৰজন্মৰ হাইপাৰছ’নিক মিছাইল। এই ক্ষেপণাস্ত্ৰই আইচিবিএমৰ দৰে পাৰমাণৱিক অস্ত্ৰও কঢ়িয়াব পাৰে বুলি পুটিনে কয়।
ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সকীয়াই দিছে যে ৰাছিয়াৰ ভূখণ্ডত আক্ৰমণৰ অনুমতি দিলে ইয়াৰ পৰিণতি ভাল নহ’ব। তেওঁৰ কথাত গুৰুত্ব নিদিয়াকৈ আমেৰিকাই উত্তেজনা বৃদ্ধি কৰিবলৈ বাছি লোৱাৰ পিছত পশ্চিমৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণৰ সম্ভাৱনা নুই কৰা নাই বুলিও তেওঁ কয়।

বিশ্লেষকসকলৰ মতে ৰাছিয়াত পশ্চিমীয়া অস্ত্ৰৰ ব্যৱহাৰ আৰু ৰাছিয়াৰ প্ৰত্যাক্ৰমণে বিশ্বক নতুন সংঘাতৰ পৰিস্থিতিৰ দিশে ঠেলি দিছে।

Related Articles