এ আৰ ৰহমানৰ বিশাল সম্পত্তি, বিচ্ছেদৰ পিছত কিমান পাব ছাইৰাই


অস্কাৰ বিজয়ী সংগীত তাৰকা এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানু বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদৰ পথত। কণ্ঠশিল্পীগৰাকীৰ বিবাহ বিচ্ছেদৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰাৰ পিছত ছচিয়েল মিডিয়াত প্ৰচাৰিত হৈছে কিন্তু তেওঁৰ কিমান টকা আছে সেই প্ৰশ্ন এতিয়া উদয় হৈছে। কাৰণ বলীউড উদ্যোগত কেৱল বিবাহেই নহয়, বিবাহ বিচ্ছেদতো কোটি কোটি টকা খৰচ হয়।

এই কণ্ঠশিল্পীগৰাকীৰ সম্পত্তিৰ সবিশেষ উল্লেখ কৰি প্ৰস্তুত কৰা প্ৰকাশিত প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে যে এ আৰ ৰহমানে নিজৰ কেৰিয়াৰত সফলতাৰ সমান্তৰালকৈ বহু ধন-সম্পত্তি গঢ়ি তুলিছে।

প্ৰতিবেদন অনুসৰি এ আৰ ৰহমানৰ মূল সম্পত্তি প্ৰায় ১৭২৮-২০০০ কোটি টকা। এ আৰ ৰহমানৰ বিজ্ঞাপন, কনচাৰ্ট আৰু চিনেমাত গায়ন-বায়নক এই বিপুল ধনৰ উৎস হিচাপে দেখুওৱা হৈছে।
বৰ্তমান এ আৰ ৰহমানে এটা গীত গোৱাৰ বাবে ৩ কোটি আৰু চিনেমাৰ গীত ৰচনাৰ বাবে ১০ কোটি টকা লয়। বিভিন্ন ব্ৰেণ্ডৰ এম্বেছাদৰ হিচাপেও তেওঁ বহু টকা উপাৰ্জন কৰি আছে।

কাৰণ বলীউডৰ বিয়া আৰু বিবাহ বিচ্ছেদৰ অৰ্থ কোটি কোটি টকা। গতিকে এ আৰ ৰহমানৰ অনুৰাগী সকলে মৰমৰ গায়কজনৰ বিচ্ছেদৰ হিচাপ কৰি বহি আছে এতিয়া। বিচ্ছেদৰ পিছত তেওঁৰ পত্নী ছাইৰা বানুৱে এ আৰ ৰহমানৰ পৰা কিমান টকা পাব বুলিও সংবাদ মাধ্যমত উৰাবাতৰি আৰম্ভ হৈছে।

ইফালে ছাইৰা বানু আৰু এ আৰ ৰহমানৰ বিচ্ছেদ সম্পৰ্কে বিভিন্ন তথ্য পোহৰলৈ আহিছে যদিও এতিয়ালৈকে জানিব পৰা হোৱা নাই, সঠিক ধনৰ পৰিমাণ আদালতত নিষ্পত্তি হৈছে। অৱশ্যে অনুৰাগী আৰু নেটিজেনসকলে ইতিমধ্যে অনুমান কৰিছে যে এই ধন বিপুল সংখ্যক মানে কোটি কোটি টকাত হ’ব।

প্ৰসংগক্ৰমে মঙলবাৰে (১৯ নৱেম্বৰ) এ আৰ ৰহমান আৰু ছাইৰা বানুৱে হঠাতে তেওঁলোকৰ বিচ্ছেদৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ কৰে। ২৯ বছৰীয়া বিবাহ বিচ্ছেদৰ কাৰণ অপৰিসীম প্ৰেমৰ অভাৱ নহয়, বৰঞ্চ তেওঁলোকৰ মাজত থকা মানসিক চাপ আৰু পাৰস্পৰিক দূৰত্ব বুলি কয়।

Related Articles