শীতকালত দিনটোত পানী কিমান খাও আমি

শীতকালত আমাৰ শৰীৰৰ ঘাম কম হয়, গতিকে পানীৰ পিয়াহ বেছি নালাগে। বহুতে পানী বেছিকৈ খালে সঘনাই শৌচাগাৰলৈ যাবলগীয়া হয়। সেই অসুবিধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে কম পানী খায়। বহু কাৰণত শীতকালত আমাৰ পানীৰ সেৱন কমি যায়।
কিন্তু শীতকালত পানী কমকৈ খোৱাটো উচিত নহয়। এনে উষ্ণতাত নিজকে পৰ্যাপ্ত পৰিমাণে জলসিঞ্চিত কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণে পানী নাখালে শৰীৰত বহুতো জটিলতা আহিব পাৰে।

পানী কমকৈ খালে শৰীৰত প্ৰয়োজনীয় আৰ্দ্ৰতা নাথাকে বুলি গৱেষকসকলে কয়।
শৰীৰৰ ভিতৰৰ অংশ বেছি শুকান হ’লেও কোষ্ঠকাঠিন্য হ’ব পাৰে।
পানী কম হ’লে শৰীৰৰ ভিতৰৰ এচিড বেছি হ’ব পাৰে। ফলত আপুনি দীৰ্ঘদিনীয়া হাৰ্টবাৰ্ণত ভুগিব পাৰে।
পানীয়ে শৰীৰ সতেজ কৰি ৰাখে। তাৰ পৰা কামৰ ক্ষমতাও বৃদ্ধি পাব পাৰে। পানী কমকৈ সেৱন কৰিলে ভিতৰৰ পৰা শৰীৰ শুকাই যায়। ভাগৰ আহে।কৰ্ম ক্ষমতাও হ্ৰাস পাব পাৰে।
শীতকালত পিয়াহ অনুভৱ নকৰিলেও নিয়মিতভাৱে পানী খোৱাটো জৰুৰী। অতি ঠাণ্ডা দিনত মাজে মাজে কুহুমীয়া পানী খাই ভিতৰৰ পৰা সকাহ দিব পাৰি বুলি গৱেষকসকলে কয়।

এজন গড় প্ৰাপ্তবয়স্কই দিনটোত ৩.৭ লিটাৰ পানী খাব লাগে। কিন্তু এই এটা সূত্ৰই সকলোৰে বাবে নহয়।

বিশেষজ্ঞসকলৰ মতে, পানী খোৱা পানীয়ে শৰীৰত তৰল পদাৰ্থৰ যোগান বৃদ্ধি কৰাৰ উপৰিও ভোক কমোৱাত সহায় কৰে। গতিকে ওজন কমাব বিচাৰিলেও পানী খোৱা উচিত। এনে ক্ষেত্ৰত স্বাভাৱিক পানী খোৱাৰ উপৰিও এনে খাদ্য খাব লাগে যাতে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী যোগান থাকে।

Related Articles