Entertainment: ‘বেবী জন’ৰ নায়িকা কীৰ্তি সুৰেশৰ প্ৰেমিক কোন জানেনে

পুনৰ শিৰোনামত কীৰ্তি সুৰেশ। কিন্তু কোনো ছবি বা জল্পনা-কল্পনাৰ বাবে নহয়। উজনিৰ জনপ্ৰিয় এই অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ ডাঙৰ খবৰটো সকলোৰে মাজলৈ লৈ আহিছিল। এন্থনী থেটিলৰ সৈতে সম্পৰ্কৰ কথা তেওঁ ঘোষণা কৰে। কেৱল সেয়াই নহয়, তেওঁ এন্থনীৰ লগত যোৱা ১৫ বছৰ ধৰি সম্পৰ্কত আছে বুলিও কয়!

ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰি এই কথা ঘোষণা কৰে কীৰ্তিয়ে। সেই ছবিখনত দেখা গৈছে যে এন্থনী আৰু তেওঁ একেলগে আছে। তেওঁ ফটোখনৰ কেপচনত লিখিছে, “১৫ বছৰৰ অতিক্ৰম কৰি ভৱিষ্যতৰ পথত খোজ দিছো…।” উল্লেখযোগ্য যে এন্থনী এজন প্ৰখ্যাত ব্যৱসায়ী। বৰ্তমান তেওঁ ডুবাইত থাকে, যদিও তেওঁৰ জন্ম কেৰালাত।

Related Articles