ভাৰতবৰ্ষত এটকীয়া মুদ্ৰাৰ প্ৰচলন দীৰ্ঘদিনীয়া। সময়ৰ লগে লগে মুদ্ৰাৰ প্ৰকাৰ আৰু আকাৰ সলনি হৈছে। শেহতীয়াকৈ যদিও এটকীয়া মুদ্ৰাৰ ব্যৱহাৰ বহু হ্ৰাস পাইছে। কিন্তু এটকীয়া মুদ্ৰা বনাবলৈ কিমান খৰচ হয় জানি আচৰিত হ’ব। শেহতীয়াকৈ অন্ততঃ এটা প্ৰতিবেদনে তেনেকৈয়ে প্ৰকাশ কৰিছে।
ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত এই একটকীয়া মুদ্ৰাৰ ব্যাস ২১.৯৩ মিলিমিটাৰ, ডাঠ ১.৪৫ মিলিমিটাৰ আৰু ওজন ৩.৭৬ গ্ৰাম। ২০১৮ চনৰ প্ৰতিবেদন অনুসৰি এই এক টকীয়া মুদ্ৰাটো বনাবলৈ ব্যয় হৈছে ১১১ পইচা। অৰ্থাৎ ১ টকীয়া মুদ্ৰা বনোৱাৰ খৰচ বজাৰ মূল্যতকৈ বেছি!
অন্য মূল্যৰ মুদ্ৰা উৎপাদন কৰিবলৈ এটকীয়া মুদ্ৰাতকৈ অলপ কম খৰচ হয়। উদাহৰণ স্বৰূপে দুটা টকীয়া মুদ্ৰাৰ দাম ১.২৮ টকা। ৫ টকীয়া মুদ্ৰা বনাবলৈ ৩.৬৯ টকা, আৰু ১০ টকীয়া মুদ্ৰা বনাবলৈ মাত্ৰ ৫.৫৪ টকা।
ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰা নোট জাৰি কৰিছে। কিন্তু টকাৰ মূল্য বেছি হ’লেও মুদ্ৰা উৎপাদনত অধিক খৰচ হয়। আচলতে নোট ছপা কৰাৰ ক্ষেত্ৰত বহু সুৰক্ষাৰ বহু নিয়ম মানি চলিব লাগে। একে সময়তে কাগজৰ টোকাৰ আয়ুসো অতি কম। তাৰ তুলনাত মুদ্ৰা বছৰ বছৰ ধৰি থাকে।
ৰিজাৰ্ভ বেংকে জাৰি কৰা প্ৰতিবেদন অনুসৰি নোট যিমানেই ডাঙৰ হ’ব সিমানেই ছপা খৰচ কম। আৰ বি আইৰ তথ্য অনুসৰি ২০ টকীয়া নোট ছপা কৰিবলৈ ৯৫ পইচা খৰচ হয়, আনহাতে ৫০ টকীয়া নোট ১ ১৩ পইচাত ছপা কৰিব পৰা যায়।