Trump: কিমৰ সৈতে প্ৰত্যক্ষ আলোচনাত গুৰুত্ব আৰোপ কৰিছে ট্ৰাম্পৰ দলে

আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দলে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ কথা কৈছে।সূত্ৰ অনুসৰি যদিও নীতিগত আলোচনা চলি আছে, তথাপিও নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে আলোচনা সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।যোৱা সপ্তাহত পিয়ংইয়াঙত অনুষ্ঠিত এক সামৰিক প্ৰদৰ্শনীত কিমে কয় যে আমি আমেৰিকাৰ সৈতে আলোচনাৰ ক্ষেত্ৰত যিমান পাৰো আগবাঢ়িছো।২০১৭-২০২১ চনৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত ট্ৰাম্পে কিমৰ সৈতে ছিংগাপুৰ, হানয় আৰু কোৰিয়া সীমান্তত তিনিখন বৈঠকত মিলিত হৈছিল।কিন্তু তেওঁলোকৰ কূটনীতিৰ কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নগ’ল। আমেৰিকাই উত্তৰ কোৰিয়াক নিজৰ পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে কিমে নিষেধাজ্ঞা সম্পূৰ্ণৰূপে শিথিল কৰাৰ দাবী জনায়। তাৰ পিছত আকৌ ইজনে সিজনক ভাবুকি দিলে।নতুন কূটনৈতিক প্ৰচেষ্টাই কি কঢ়িয়াই আনিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিশ্লেষকসকলে কয় যে ট্ৰাম্পৰ প্ৰধান লক্ষ্য হ’ব মৌলিক সংযোগ পুনৰুদ্ধাৰ কৰা।উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এতিয়াও ৰাজহুৱাভাৱে ট্ৰাম্পৰ পুনৰ নিৰ্বাচনৰ কথা উল্লেখ কৰা নাই। কিমে এই মাহতে সকীয়াই দিছিল যে আমেৰিকাই উত্তেজনা আৰু প্ৰৰোচনা বৃদ্ধি কৰি পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে।

Related Articles