সন্ন্যাসী চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ, বাংলাদেশৰ ইস্কনক নিষিদ্ধ কৰিবলৈ আবেদন দাখিল কৰা ঘটনাই বিভিন্ন কাৰণত অস্থিৰকৰি তুলিছে দেশখনক। ভাৰতেও চিন্ময়ৰ গ্ৰেপ্তাৰক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰে। চুবুৰীয়া দেশৰ এনে উত্তপ্ত পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সংসদত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত বহে।
হিন্দু সন্ন্যাসী চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰি জ্বলিব পুনৰ ধৰিছে বাংলাদেশ। স্বাভাৱিকতে ভাৰতে চুবুৰীয়া দেশসমূহৰ অগ্নিময় পৰিস্থিতি আৰু সংখ্যালঘুৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰিছে, “চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ আৰু জামিন প্ৰদান নকৰাৰ ঘটনা আমি অতিশয় উদ্বেগেৰে চাই আছো।” তেওঁ বাংলাদেশৰ সামূহিক সনাতন জাগৰণ মঞ্চৰ মূল মুখ। বাংলাদেশত বাস কৰা হিন্দু আৰু আন সকলো বাংলাদেশীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি বাংলাদেশ প্ৰশাসনক আহ্বান জনাইছো।এনে পৰিস্থিতিত বৃহস্পতিবাৰে সংসদত এখন বৈঠকত বহে মোডী আৰু জয়শংকৰ। অহা সপ্তাহত সংসদত বাংলাদেশৰ বিষয়ে আলোচনা হোৱা সম্ভাৱনা আছে।