INTERNATIONAL: সমগ্ৰ বিশ্বতে অগ্নিকাণ্ডৰ ফলত হোৱা বায়ু প্ৰদূষণ বাবে বছৰি ১৫ লাখ লোকৰ মৃত্যুঃ”দ্য লেন্সেট জাৰ্নেল”

২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বছৰি প্ৰায় ৪ লাখ ৫০ হাজাৰ লোক হৃদৰোগত মৃত্যু।এই প্ৰতিবেদনত ধনী আৰু দৰিদ্ৰ দেশৰ মাজত বৃদ্ধি পোৱা ‘জলবায়ুৰ বৈষম্য’ৰ ওপৰত আলোকপাত কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত হোৱা বায়ু প্ৰদূষণৰ বাবে বিশ্বজুৰি প্ৰতি বছৰে ১৫ লাখতকৈও অধিক লোকৰ মৃত্যু হয়। এই মৃত্যু অধিকাংশই উন্নয়নশীল দেশসমূহত সংঘটিত হৈ আহিছে।বৃহস্পতিবাৰে (২৮ নৱেম্বৰ) সমগ্ৰ বিশ্বত অগ্নিকাণ্ডৰ ফলত হোৱা বায়ু প্ৰদূষণ বাবে বছৰি ১৫ লাখ লোকৰ মৃত্যু “দ্য লেন্সেট জাৰ্নেল”ত প্ৰকাশিত এক নতুন অধ্যয়নত এই কথা কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি,জলবায়ু পৰিৱৰ্তনৰ ফলত অগ্নিকাণ্ড অধিক সঘনাই আৰু তীব্ৰতৰ হৈ পৰাত অনাগত বছৰবোৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ লেণ্ডস্কেপ ফায়াৰৰ পৰিসংখ্যাই দেখুৱাইছে যে কৃষিভূমিত প্ৰাকৃতিকভাৱে হোৱা বন্য অগ্নিকাণ্ড আৰু নিয়ন্ত্ৰিত মানৱসৃষ্ট জুই দুয়োটাই প্ৰদূষণৰ বাবে দায়ী।

২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বছৰি প্ৰায় ৪ লাখ ৫০ হাজাৰ লোক হৃদৰোগত মৃত্যু হোৱা বুলি গৱেষকসকলে জানিবলৈ দিয়ে। এই মৃত্যুৰ বাবে জুইৰ লগত জড়িত বায়ু প্ৰদূষণ জগৰীয়া। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আৰু ২ লাখ ২০ হাজাৰ লোকৰ মৃত্যুৰ কাৰণ জুইৰ ফলত বতাহত নিৰ্গত হোৱা ধোঁৱা আৰু কণা।

এই অধ্যয়নৰ মতে, বিশ্বজুৰি বছৰি মুঠ ১৫.৩ লাখ লোকৰ মৃত্যুৰ বাবে জুইৰ ফলত হোৱা বায়ু প্ৰদূষণেই দায়ী। ইয়াৰ উপৰিও কোৱা হৈছে যে এই মৃত্যুৰ ৯০ শতাংশতকৈ অধিক লোক কম আৰু মধ্যম আয়ৰ দেশত সংঘটিত হৈছে। প্ৰায় ৪০ শতাংশ লোকৰ মৃত্যু হৈছে কেৱল উপ-চাহাৰা আফ্ৰিকাত। চীন, ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, ভাৰত, ইণ্ডোনেছিয়া আৰু নাইজেৰিয়াত সৰ্বাধিক মৃত্যু হৈছে।

গৱেষণা প্ৰতিবেদনত উত্তৰ ভাৰতৰ অভিলেখ সংখ্যক কৃষিভূমি অবৈধভাৱে জ্বলোৱাৰ ফলত হোৱা ক্ষতিকাৰক ধোঁৱাৰ বাবে বায়ু প্ৰদূষণৰ বাবে আংশিকভাৱে দোষাৰোপ কৰা হৈছে। যাৰ ফলত শেহতীয়াকৈ দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰিৱেশ প্ৰদূষিত হৈ পৰিছে।

লেন্সেট অধ্যয়নৰ লেখকসকলে লেণ্ডস্কেপত হোৱা জুইৰ ফলত হোৱা অধিক মৃত্যুৰ সংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ ‘জৰুৰী ব্যৱস্থা’ গ্ৰহণৰ আহ্বান জনাইছে।

এই প্ৰতিবেদনত ধনী আৰু দৰিদ্ৰ দেশৰ মাজত বৃদ্ধি পোৱা ‘জলবায়ুৰ বৈষম্য’ৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াত কোৱা হৈছে যিসকলে গোলকীয় উষ্ণতা বৃদ্ধিত কম অৰিহণা যোগায় তেওঁলোকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।

জুইৰ ধোঁৱা মানুহে এৰাই চলিব পাৰে একমাত্ৰ সেই ঠাইৰ পৰা আঁতৰি, এয়াৰ পিউৰিফায়াৰ আৰু মাস্ক ব্যৱহাৰ কৰি বা ঘৰৰ ভিতৰত থাকি। কিন্তু এই পদক্ষেপসমূহ দৰিদ্ৰ দেশৰ জনসাধাৰণৰ বাবে সম্ভৱ নহয় বুলি গৱেষকসকলে আঙুলিয়াই দিয়ে। সেয়েহে তেওঁলোকে অতি ক্ষতিগ্ৰস্ত দেশসমূহৰ জনসাধাৰণৰ বাবে অধিক আৰ্থিক আৰু কাৰিকৰী সাহায্যৰ আহ্বান জনাই আহিছে।

Related Articles