Study: বিদেশত পঢ়িব বিচাৰিলে ৫ টা কথা মনত ৰাখিব

স্কুলীয়া শিক্ষাৰ পিছত বহুতে বহিঃৰাজ্যত উচ্চ শিক্ষাৰ সপোন দেখে। কিন্তু ইচ্ছা আৰু কাৰ্যকৰীকৰণৰ মাজৰ ব্যৱধান হৈ পৰে টকা । যোগ্যতা থকাৰ পিছতো বহু ছাত্ৰ-ছাত্ৰীয়ে কেৱল সঠিক পৰিকল্পনাৰ অভাৱত পিছ পৰি থাকে। বিদেশত পঢ়াৰ সপোন এতিয়াও মনতে ৰৈ যায়। অৱশ্যে কেইটামান টিপছ মানি চলিলে বিদেশত পঢ়াতো সহজ আৰু সম্ভৱ হৈ পৰে।

১. প্ৰথমে সিদ্ধান্ত লওক আপুনি কোনটো পাঠ্যক্ৰমত অধ্যয়ন কৰিব। কাৰণ সকলো পাঠ্যক্ৰমতে কেৰিয়াৰৰ সুযোগ একে নহয়। গতিকে যিকোনো পাঠ্যক্ৰমৰ ভৱিষ্যতৰ কেৰিয়াৰৰ সম্ভাৱনা জনাটো গুৰুত্বপূৰ্ণ।

২. বৃত্তিৰ বিষয়ে সোধা-পোছা কৰক। ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্যৰ বাবে বিভিন্ন ধৰণৰ বৃত্তিৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়েও দেশৰ ছাত্ৰ-ছাত্ৰীসকলক বহিঃৰাজ্যত অধ্যয়নৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰে। গতিকে পাঠ্যক্ৰমৰ সিদ্ধান্ত লোৱাৰ পিছত পিছত বৃত্তিটো বিচাৰিব লাগিব।

৩. প্ৰতিখন দেশতে খৰচৰ খতিয়ান লওক। প্ৰতিখন দেশতে জীৱন-যাপনৰ খৰচ বেলেগ বেলেগ। গতিকে কেৱল পঢ়া-শুনা খৰচেই নহয় আন এখন দেশত জীৱন-যাপনৰ খৰচৰ বিষয়েও সচেতন হওক। তেনে ক্ষেত্ৰত কিমান দিন পঢ়িব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত খাদ্য আৰু থকাৰ ব্যৱস্থাকে ধৰি আনুষংগিক বস্তুৰ খৰচ কেনেকৈ কৰিব পাৰি সেই বিষয়ে অভিভাৱকসকল সচেতন হোৱাটো গুৰুত্বপূৰ্ণ।

৪. বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়াৰ দৰে ঠাইবোৰ পছন্দ কৰে। কোনখন বিশ্ববিদ্যালয়ত কোনবোৰ পাঠ্যক্ৰম পঢ়োৱা হয়, কিমান খৰচ হয়, সেই বিষয়ে আগতীয়াকৈ জানি লোৱাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে ৰাছিয়া আৰু চীনত চিকিৎসা শিক্ষাৰ খৰচ আন দেশতকৈ কম। আকৌ জাৰ্মানী, নৰৱে, ছুইজাৰলেণ্ডত পঢ়াৰ খৰচ আমেৰিকা আৰু ব্ৰিটেইনতকৈ কম।

৫. বহুতেই দ্বাদশ মান উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে বিদেশত পঢ়িবলৈ যায়। বহু লোকে বিদেশত স্নাতকোত্তৰ অধ্যয়ন কৰিব বিচাৰে। গতিকে প্ৰথমে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। চাহিদা অনুসৰি আপুনি বিদেশী প্ৰতিষ্ঠানত পঢ়িব বিচাৰে, তাত কেনেকৈ সুযোগ পাব – ইয়াৰ বিষয়ে সোধা-পোছা কৰক।

Related Articles