JAPAN: প্ৰেমিক-প্ৰেমিকাক অধিক সময় একেলগে কটাবলৈ কোন দেশৰ চৰকাৰে এসপ্তাহত তিনিদিন ছুটীৰ ঘোষণা কৰিছে

দেশখনত জনসংখ্যাৰ বৃদ্ধি অতি প্ৰয়োজন হৈ পৰাত চাৰিদিন কৰ্মৰ সময় সীমাবদ্ধ কৰিছে। বাকী দিনকেইটা বন্ধৰ দিন হিচাপে ঘোষণা জাপান চৰকাৰৰ। দেশখনৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে এক নতুন পন্থা গ্ৰহণ কৰিছে। টকিঅ’ৰ গৱৰ্ণৰ ইউৰিকো ক’ইকে কয় যে অহা বছৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। তেওঁ কয় যে অতিৰিক্ত দিনৰ কামৰ বাবে প্ৰসৱৰ লগতে প্ৰসৱৰ পিছৰ যত্ন লোৱাত প্ৰায়ে অৱহেলিত হয় পৰিয়ালৰ লোক। গতিকে এই নতুন নিয়ম অহা বছৰৰ এপ্ৰিলৰ পৰা নাগৰিকৰ সুবিধাৰ কথা মনত ৰাখি কাৰ্যকৰী কৰা হ’ব। উল্লেখ্য যে, নতুন নীতিৰ লক্ষ্য হৈছে জাপানী দম্পতীক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰা।জানিব পৰা মতে দেশখনৰ সন্তান জন্মৰ হাৰ যোৱা বছৰলৈকে ১.২ হ্ৰাস পাইছে। যিটো যথেষ্ট আতংকজনক। দেশৰ জনসংখ্যা বৃদ্ধি কৰিব বিচাৰিলে এই হাৰ কমেও ২.১ লৈ আনিব লাগে। ইয়াৰ বাবে সেই দেশৰ যুৱক-যুৱতীসকলে অধিক সময় খৰচ কৰাৰ প্ৰয়োজন। কিন্তু কামৰ চাপৰ বাবে সেয়া নহয়। যোৱা বছৰ সেই দেশত মাত্ৰ সাত লাখ সাতাইশ হাজাৰ দুশ সাতসত্তৰগৰাকী সন্তানৰ জন্ম হৈছিল। সেই দেশত নাৰীও যথেষ্ট কেৰিয়াৰ সচেতন। গতিকে বহু ক্ষেত্ৰত তেওঁলোকে পৰিয়াল আৰু কেৰিয়াৰৰ মাজত কেৰিয়াৰ বাছি লয়। যাৰ প্ৰভাৱ জনসংখ্যাৰ ওপৰত পৰে বা পৰিছে।
দুবছৰমান আগতে এই নতুন পদ্ধতিৰ ওপৰত মতামত লোৱা হৈছিল। য’ত অংশগ্ৰহণ কৰা ৯০ শতাংশ কৰ্মচাৰীয়ে ইয়াক ১০ জনৰ ভিতৰত ৯.১ ৰেটিং দিছিল। তেওঁলোকে মতামত দিছিল যে এইদৰে কাম কৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব। লগতে কৰ্ম আৰু জীৱনৰ ভাৰসাম্য থাকিব। জাপানৰ গৱৰ্ণৰ ক’ইকে কয় যে এতিয়া জাতিটোৱে কঠিন সময়ৰ মাজেৰে পাৰ হৈ গৈছে। বৰ্তমান একমাত্ৰ লক্ষ্য হৈছে লোকপিয়ল বৃদ্ধি কৰা। গতিকে সেই দেশৰ চৰকাৰে ডাঙৰ বিষয়টো মনত ৰাখি অৰ্থনীতি বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লৈছে।

Related Articles