Breaking

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ…

0 21

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ বিক্ষোভ
ৰে’লৱেৰ আন আন ঠাইতো প্ৰতিবাদ
১৫ জুলাইত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা

নতুন পেঞ্চন নীতি বাতিল কৰি সকলোৰে বাবে পুৰণি পেঞ্চন বাহাল ৰখাৰ দাবীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে আজি সমগ্ৰ এন এফ ৰে’লৱেত ধৰ্ণা, বিক্ষোভ আদি কাৰ্যসূচী পালন কৰে । উল্লেখযোগ্য যে, অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ (এ আই আৰ এফ) আহ্বান মৰ্মে নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰে আজি সমগ্ৰ দেশতে ৰে’ল কৰ্মী সকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয় মালিগাৱঁতো ৰে’ল কৰ্মী সকলে এন পি এচ গো বেক, পেঞ্চন আমাৰ প্ৰাপ্য- পেঞ্চন আদায় দিবই লাগিব, কেন্দ্ৰীয় চৰকাৰ হায় হায় ধ্বনিৰে সদৰ কাৰ্যালয় কপাই তোলে । প্ৰতিবাদস্থলীত অনুষ্ঠিত এখন সভাত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা সকল উপস্থিত থাকি নতুন পেঞ্চন নীতিৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি চলোৱা দিনৰে পৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ইয়াৰ বিৰোধিতা কৰাই নহয় সময়ে সময়ে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে ।

কিন্তু কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত আজিকোপতি কোনো সহাৰি জনোৱা নাই । নতুন পেঞ্চন নীতিয়ে কেন্দ্ৰীয় চাকৰিয়ালৰ লগতে ৰাজ্যিক কৰ্মচাৰী, শিক্ষক সমাজৰ ভৱিস্যত অন্ধকাৰময় কৰি তুলিছে । যিসময়ত জনপ্ৰতিনিধি সকলক ৰাজকোষৰ পৰা পেঞ্চন দি আছে, একে সময়তে শ্ৰমিক-কৰ্মচাৰীৰ পেঞ্চন অনিশ্চিত শ্বেয়াৰ বজাৰলৈ ঠেলি দিছে । এনে বৈষম্য কোনো কাৰণতে শ্ৰমিক শ্ৰেণীয়ে মানি ন’লয়- মজদুৰ ইউনিয়নৰ নেতা সকলে স্পষ্ট ভাৱে কয় । তেওঁলোকে আৰু কয় যে, সুদীৰ্ঘকাল চাকৰি কৰি দেশৰ বাবে সেৱা আগবঢ়োৱা কৰ্মচাৰী সকলে অৱসৰৰ পাছত দৈনন্দিন খৰছৰ বাবে ভিক্ষাৰ জোলোঙা ল’বলৈ কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰাইছে । কোনো কাৰণতে শ্ৰমিক কৰ্মচাৰীৰ এনে অসহায় অৱস্থা সহ্য নকৰো -নেতাসকলে দৃঢ়তাৰে কয়। তেওঁলোকে পুনৰ কয় যে আমি কেন্দ্ৰীয় চাকৰিয়ালৰ লগতে ৰাজ্যিক কৰ্মচাৰী, শিক্ষক সমাজৰো পেঞ্চনৰ বাবে দাবী জনাইছো ।

উল্লেখযোগ্য যে, আজি উত্তৰ-পূৱ সীমান্ত ৰে’লৰ তিনচুকীয়া, লামডিঙ, ৰঙিয়া, আলিপুৰদৱাৰ, কাটিহাৰ ডিভিজনৰ সকলো ঠাইতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সদস্য সকলে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ধৰ্ণা, বিক্ষোভ আদি কাৰ্যসূচী পালন কৰে । ইফালে অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনে(এ আই আৰ এফ) ৪ জুলাই তাৰিখে আজিৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এখন সভা আহ্বান কৰে । বিত্ত মন্ত্ৰণালয়ৰ পৰা এ আই আৰ এফৰ সাধাৰণ সম্পাদক তথা এনচি জেচিএমৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰলৈ ১০ জুলাই তাৰিখে লিখা এখন চিঠিত পেঞ্চন সম্পৰ্কীয় এখন সভা অহা ১৫ জুলাইত অনুষ্ঠিত কৰাৰ বিষয়ে জানিবলৈ দিছে আৰু এন চি জেচিএমৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে । এ আই আৰ এফৰ সাধাৰণ সম্পাদক মিশ্ৰই ১৫ জুলাইত সভা আহ্বান কৰা বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে লগতে তেওঁ এইবুলিও স্পষ্টভাৱে কয় যে সভাত পেঞ্চন সম্পৰ্কে কোনো ধৰণৰ আপোচ কৰা ন’হব । এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কিৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটা বিবৃতিত ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক আশীষ বিশ্বাসে আজিৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তোলা বাবে ইউনিয়নৰ সমূহ সদস্যৰ লগতে ৰে’লকৰ্মী সকলক ধন্যবাদ জনোৱা হৈছে ।

Leave A Reply

Your email address will not be published.