Breaking

১৩ বছৰ বয়সৰ পৰাই ডায়েবেটিচত আক্ৰান্ত নিক জোনাছ

0 56

নিউজ ডেস্কঃ গায়ক নিক জোনাছে ১৩ বছৰ বয়সত জানিব পাৰিছিল যে তেওঁৰ ডায়েবেটিচ আছে। আজি, ১৬ বছৰ ধৰি, তেওঁ ডায়েবেটিচৰ সৈতে ভালদৰে যুঁজি আছে। নিক জোনাছে ৰাষ্ট্ৰীয় ডায়েবেটিচ মাহ উপলক্ষে এটা অতি আৱেগিক পোষ্ট শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখিছিল যে তেওঁ ১৬ বছৰ আগতে জানিছিল যে তেওঁৰ ডায়েবেটিচ আছে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। তেওঁ যোৱা ১৬ বছৰ ধৰি ডায়েবেটিক হৈ আছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। তেওঁ লিখিছে যে, “আজি মই এই ৰোগৰ সৈতে জড়িত হোৱাৰ ১৬ বছৰ হ’ল আৰু এইটো মোৰ ৰোগ নিৰ্ণয়ৰ ১৬ তম বাৰ্ষিকী। মই যেতিয়া ১৩ বছৰীয়া আছিলোঁ তেতিয়া মোৰ ভাতৃসকলৰ সৈতে মই খেলি থাকোতে মই অনুভৱ কৰিছিলো যে, মোৰ পেট ঠিক নাই, সেয়েহে মই মোৰ মা-দেউতাৰ ওচৰলৈ গৈছিলো আৰু তেওঁলোকক কৈছিলো যে মই চিকিৎসকৰ ওচৰলৈ যাব লাগিব। মোৰ সকলো লক্ষণ জনাৰ পিছত, শিশু বিশেষজ্ঞজনে কৈছিল যে মোৰ টাইপ ১ ডায়বেটিচ আছে। তেতিয়া মই ভাবিছিলো যে মই ধ্বংস হৈ গৈছিলো। মই ইমান ভয় খাইছিলো যে মই ভাবিছিলো মই পৃথিৱী ভ্ৰমণ কৰা আৰু সংগীত কৰাৰ মোৰ যি সপোন তাক শেষ কৰি পেলাইছো। ২৯ বছৰীয়া গায়ক নিক জোনাছে আৰু লিখিছে যে, মই প্ৰতিশ্ৰুতিবদ্ধ আছিলোঁ যে ইয়াৰ বাবে মই নিজকে ভাঙিব নালাগে। মোৰ এটা সপোন আছে, যিটোৱে মোক কেতিয়াও দুৰ্বল হ’বলৈ নিদিয়ে। তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ দেউতাক কেভিন জোনাছে লিখিছিল, “আমি সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম। তুমি আমাক সকলোকে অনুপ্ৰাণিত কৰা। তোমাক ভাল পাওঁ। নিক জোনাছৰ পত্নী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাইও তেওঁৰ প্ৰতিক্ৰিয়াত তেওঁৰ বাবে এটা লাভ ইম’জি আৰু ক্লেম্পিং ইম’জি পোষ্ট কৰিছিল।

Leave A Reply

Your email address will not be published.