Breaking

আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ হ’ব ‘নিযুত মইনা আঁচনি’…

0 41

আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ হ’ব ‘নিযুত মইনা আঁচনি’। এই আঁচনিয়ে সামৰি ল’ব ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীক। এই আঁচনিৰ আধাৰতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে ১১ তাৰিখে এই ধন লাভ কৰিব।সেইদৰে স্নাতক অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব। বি এডত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ। এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব।

ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই এটা বছৰত মুঠ ১০ মাহ এই আঁচনিৰ পৰা ধন লাভ কৰিব ছাত্ৰীসকলে। সেই অনুসৰি উচ্চতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে ২০ মাহ এই ধন লাভ কৰিব। সেইদৰেই স্নাতকত অধ্যয়নৰত ছাত্ৰীসকলে অধ্যয়ন সমাপ্ত নোহোৱা পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব।অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব। অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ’লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব।

কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল’ব লাগিব ছাত্ৰীয়ে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব। ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে এই আঁচনি আৰম্ভ কৰিব।

Leave A Reply

Your email address will not be published.