Breaking

অসমৰ বিশিষ্ট চিত্ৰ শিল্পী নীল পৱন বৰুৱা জীৱন আৰু কৃতী

0 472

নীলপবন বৰুৱাৰ ৩ বাজি ১৫ মিনিটত দেহাৱসান।।

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব নীলপৱন বৰুৱাৰ । আজি তেওঁৰ নশ্বৰ দেহ ৰখা হ’ব বেলতলাস্থিত তেওঁৰ নতুন বাসগৃহত ।

অসমৰ বিশিষ্ট চিত্ৰ শিল্পী নীল পৱন বৰুৱা আৰু নাই। লগে লগে অসমবাসীয়ে হেৰুৱালে এগৰাকী নিভাজ চিত্ৰ শিল্পী। এইগৰাকী মহান শিল্পীয়ে আঁকিছিল অসমীয়া সমাজ জীৱনৰ বিভিন্ন চিত্ৰ।এই চিত্ৰই সকলোৰে মনৰ কথা ব্যক্ত কৰিব পাৰিছিল। নীৰৱে যিমান কাম কৰিলে সেয়া অসাধাৰণ শিল্পীৰ বাহিৰে অন্য কোনোৱে কৰাটো সম্ভৱ নহয়। বাস্তৱ জীৱনত ঘটি থকা ঘটনাবোৰক অংকণ কৰিব পৰাতো আছিল তেওঁৰ আন এক বৈশিষ্ট। সদায় বিতৰ্কৰ উৰ্ধত থকা নীলপৱন বৰুৱাই চিত্ৰৰ মাজত সহজে সোমাই যাব পাৰিছিল। তেওঁৰ শিশু সুলভ মনেৰে সকলোকে আঁকোৱালি লব পৰাতো আছিল আন এক বৈশিষ্ট। শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ।

Leave A Reply

Your email address will not be published.