মৰিগাঁৱৰ জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী ভেলৌগুৰি থানাৰ অন্তৰ্গত গৰৈমাৰী চৰত আজি ভুমি কেন্দ্ৰিক সংঘাতত আহত হয় ন গৰাকী নিৰিহ কৃষক।মাতাব্বৰ গুনী মুন্চী আৰু নবি হুছেইনৰ নেতৃত্বত প্ৰায় ১৫ জনীয়া গুন্ডাবাহিনীৰ দলটোৱে চৰটোৰ নিৰিহ কৃষকে প্ৰত্যেক বছৰৰ দৰে খাজনা তথা
চুক্তি মতে ধন নিদিয়াৰ বাবে আজি কৃষক সকলক মাতি আনি প্ৰথমতে তৰ্কা তৰ্কি তাৰ পিছত পিষ্টলৰে ভাবুকি প্ৰধান কৰি চোকা অস্ৰৰে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে।আহত কেইজন বৰ্তমান মৈৰাবাৰী এফ আৰ ইউ হস্পিটেলত ভৰ্তি কৰোৱা হয়।আহত কেইজন হ’ল আলি হুছেইন, আব্দুল আৱাল,নাজিমুদ্দিন,মাৰফত আলি, আব্দুল ৰশ্বিদ,ৰফিকুল ইছলাম,শ্বহিদুল ইছলাম,নুৰ ইছলাম, মহিলা মৰ্জিনা বেগম গুৰুতৰভাৱে আহত হয়।
উল্লেখযোগ্য গুনি মুন্চি ,তাহেৰ আৰু নবি হুছেইনৰ নেতৃত্বত মৰিগাঁও উত্তাৰন্চালৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ সমূহত নিৰিহ কৃষক সকলক চান্দা নিদিয়াৰ বাবে মৰানস্ৰ তথা চোকা অস্ৰৰে ভাবুকি প্ৰধান কৰি চৰত আতংকৰ সৃষ্টি কৰে।ভেলৌগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তাৰ আলী বৰাই এই সন্দৰ্ভত জানি শুনিও নোশুনাৰ ভাও ধৰে। এই সন্দৰ্ভত ভেলৌগুৰি থানাত এখনি এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।চৰৰ সাধাৰণ কৃষক ৰাইজে মাতাব্বৰ ৰাজৰ পৰা পৰিত্ৰাণ পাবলৈ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নতৰাজনক দাবী জনাইছে।