Breaking

বাঘজান তৈলক্ষেত্ৰৰ উদ্গীৰণৰ নৱম দিনঃ জনসাধৰণৰ সুৰক্ষাক গৌণ কৰা হৈছে কিয় ? অইল, অ’এন জি চিত এতিয়া তৈলক্ষেত্ৰ এলেকাৰ ৰাইজৰ স্বাৰ্থত কোনো বিকল্প নাই কিয়?

0 49

দিলীপ হাজৰিকা : নাজিৰাঃ

জুইৰ উত্তাপত দহি যোৱাৰ দৰে  উৎকট প্ৰদূষণত এফালৰপৰা ৰাইজৰ বাৰীত উৎপাদিত ফচল আৰু পোহনীয়া জীৱ-জন্ত্তকে ধৰি প্ৰকৃতিৰ পৰিৱেশ  ধ্বংস কৰি মানুহক ঘৰ-বাৰী এৰি যোৱাৰ আতংক জাপি দিয়াৰ অধিকাৰ অইল ইণ্ডিয়াই ক’ত পালে ? এই প্ৰশ্ন আজি প্ৰাসংগিক হ’ বলৈ এৰি দিয়াৰ গুৰিত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেচ মন্ত্ৰালয় আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষ । বাঘজান তৈলক্ষেত্ৰৰ অপ্ৰতিৰোধী গেছৰ উদ্গীৰণৰ দীৰ্ঘদিনীয়া আতংকৰ মাজত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈয়ে । ৰাইজৰ প্ৰতিটো সম্পদৰ ক্ষতিৰ পূৰণৰ দাবী তুলিছে গগৈয়ে ।  নৱৰত্ন কোম্পানীৰ আখ্যাৰে জনসাধাৰণে  মৰ্য্যদা দি ৰখা দেশৰ চৰকাৰৰ ঔদ্যোগিক উৎকৰ্ষক চিনাকি দি অহা কোম্পানীৰ তেলখাদৰ পৰা জনসাধাৰণে নিজ ঘৰ আৰু শস্যৰ বাৰীখনো সুৰক্ষিত কৰি ৰাখিব নোৱাৰা পৰিস্থিতিত পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু অইল ইণ্ডিয়া লিমিটেডৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে চি পি  আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য গৰাকীয়ে  । অইল ইণ্ডিয়া, অ’এন জি চিৰ অইল ফিল্ড ব্যক্তিগত খণ্ডক গতোৱাৰ পোষকতা কৰা চৰকাৰী ভূমিকাৰ তীব্ৰ সমালোচনা কৰি অহা কনক গগৈয়ে জনসাধাৰণৰ স্বাস্থ্য আৰু সম্পদ বিপৰ্য্যস্ত হোৱাকৈ নৱৰত্ন আৰু মহাৰত্ন কোম্পানীক উচতনি দিয়া কাৰ্য্য বুলি অভিহিত কৰে । অতি শীঘ্ৰে বাঘজানৰ নাগৰিক সমাজক সুৰক্ষিত প্ৰাকৃতিক পৰিৱেশত উশাহ লৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক বুলি. ভাৰত চৰকাৰলৈ আহ্বান জনাই দেশৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ক তৈল উদ্যোগৰ ধ্বংসাত্মক দিশটো প্ৰকট কৰি নাগৰিকৰ ক্ষোভ বঢ়োৱাৰ পৰিৱৰ্ত্তে এটা উদ্যোগৰ যোগেদি সামাজিক বিকাশৰ দিশটোৰে প্ৰভাৱিত কৰিবলৈ আহ্বান জনায় ।  এহাতেদি নৱৰত্নৰ মৰ্য্যদা লৈ আনহাতেদি ব্যক্তিগত খণ্ডত লীন যাবলৈ ধৰা অইল ইণ্ডিয়া লিমিটেডে দেশবাসীক তেল আৰু গেছৰ উৎপাদনেৰে চহকী কৰিবলৈ গৈ থলুৱাৰ স্বাৰ্থক অৱমাননা কৰাৰ কাৰ্য্য অমানৱীয় ।  দুৰ্ঘটনা অৱশ্যম্ভাৱী হ’লেও কিয় নিৰাময়ৰ বিকল্প অইল ইণ্ডিয়া কৰ্তৃপক্ষই তৈলক্ষেত্ৰৰ কাষত সাজু কৰি তুলিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে চিপিআইৰ ৰাষ্ট্ৰীয় সদস্যজনে । জৈৱ-বৈচিত্ৰ্য জীয়াই ৰখা অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি স্বত্বেও এনে কনডেনছেট অইলৰ কণিকাৰ বৰষুণে সৃষ্টি কৰা পৰিস্থিতি অকল্পনীয় ।  মানুহ আৰু জীৱকুলৰ শ্বাসৰূদ্ধকাৰী পৰিৱেশ বিগত নটাকৈ দিনে উপশম ঘটাব নোৱাৰাৰ বিফলতাৰপৰা ব্যক্তিগত কৰণৰ দিশে উত্ৰাৱল হৈ ৰোৱা অইল, অ’এন জি  চিক শিক্ষা লবলৈ আহ্বান জনায় ।    অইল ইণ্ডিয়া লিমিটেড আৰু অ’এনজিচিক সঁকিয়াই দি কনক গগৈয়ে কয় যে অতি সম্প্ৰতি আঠখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাবলৈ ঠেং দাঙি ৰোৱা অ’ এনজিচিয়েও “চি এছ আৰ ফাণ্ড” ক তৈলক্ষেত্ৰৰ স্থানীয় ৰাইজৰ চাহিদাৰ দিশ নস্যাৎ কৰি প্ৰধান মন্ত্ৰীৰ সাহাৰ্য্য পুজিত লীন ঘটোৱাৰ ফলত তৈলক্ষেত্ৰ এলেকাৰ বিকাশ আৰু সুৰক্ষাৰ দিশ ওৰ পেলোৱা বুলি সমালোচনা কৰে ।

Leave A Reply

Your email address will not be published.