Breaking

নীৰৱ সাধক শ্মশান বন্ধু দণ্ডীৰাম দাসৰ দেহাৱসান…

0 15

উত্তৰ গুৱাহাটীত শোকৰ ছাঁ

উত্তৰ গুৱাহাটী ৰজা দুৱাৰ নিবাসী সমাজ হিতৈষী নীৰৱ সাধক তথা শ্মশান বন্ধু নামে খ্যাত দণ্ডীৰাম দাসৰ আজি পুৱতি নিশা নিজা বাসগৃহত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। পৰোপকাৰী দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিকুল বতৰকো নেওচি অলেখ গুণমুগ্ধ তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ওৰেটো জীৱন লোকচক্ষুৰ আঁৰত থাকি সমাজৰ কল্যাণৰ হকে কাম কৰা দণ্ডীৰাম দাসৰ মৃত্যুত উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰে। শ্মশানত সৎকাৰ কৰিবলৈ অনা মৃত ব্যক্তিৰ সৎকাৰ কৰা কাৰ্য্যত নিজে উপস্থিত থাকি সৎকাৰ কাৰ্য্য সমাপন কৰাতেই ক্ষান্ত নাথাকি শ্মশানখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি থৈ যায়। দাসে শ্মশান খন পৰিষ্কাৰ পৰিচ্চন্ন কৰি ৰখা টোৱেই জীৱনৰ মূল কৰ্ম হিচাপে লৈ সেই কাম নিৰৱিচ্ছিন্ন ভাৱে কৰি গৈছিল।

জীৱনৰ অধিক সময় তেওঁ শ্মশানৰ এই কৰ্মতে নিজকে ব্যস্ত ৰাখিছিল। দাসে ইয়াৰোপৰি দৌল গোবিন্দ মন্দিৰৰ লগতো জড়িত থাকি বিভিন্ন সেৱা আগবঢ়াই আহিছিল। এইজন নীৰৱ সাধকৰ মৃত্যুত উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰী,দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতি, উত্তৰ গুৱাহাটী যুৱ সমাজ, উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান জিলিঙনি , শিলা সেন্দুৰী ঘোপা মৌজাৰ মৌজাদাৰ ৰাতুল বৰুৱাকে আদি কৰি বিভিন্ন ব্যক্তিয়ে দণ্ডীৰাম দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক

সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দাসৰ মৃত্যুত অসম চৰকাৰৰ হাঁহ কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়াই গভীৰ শোক প্ৰকাশ কৰি এক শোক বাৰ্তাত কয় এইজনা নীৰৱ সাধকৰ মৃত্যুত উত্তৰ গুৱাহাটী বাসীয়ে এজন প্ৰকৃত সমাজ সেৱকক হেৰুৱালে। যিজন ব্যক্তিয়ে নিস্বাৰ্থ ভাৱে দহৰ বাবে কাম কৰি গৈছিল। তেওঁ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৮৪ বছৰ গৰকা প্ৰয়াত দণ্ডীৰাম দাসে মৃত্যুৰ সময়ত পত্নী, দুজনী জীয়ৰীৰ লগতে অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply

Your email address will not be published.