Breaking

দিছপুৰত লেখিকা সংস্থা, অসমৰ মনোজ্ঞ অনুষ্ঠান; বিশিষ্ট কাৰ্টুনিষ্ট মুবিন ৰাভাক নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান…

0 15

বিশিষ্ট কার্টুনিষ্ট, চিত্ৰশিল্পী তথা লেখক মুবীন ৰাভাক আজি লেখিকা সংস্থা, অসমে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা নিশান্ত কাশ্যপ যুৱ মেধা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট চিত্ৰশিল্পী গৰাকীক বঁটাটি প্রদান কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক ড° দয়ানন্দ পাঠকে। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, অংগ বস্ত্ৰ, কিতাপৰ টোপোলা আৰু নগদ দহ হাজাৰ টকা। বিশিষ্ট সমাজকৰ্মী ভবেন বৰ্মণে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে ডা° কৰৱী গোস্বামীয়ে।আদৰণি ভাষণ দিয়ে লেখিকা সংস্থা, অসমৰ সম্পাদক বিজয়া দেৱদাসে।

আৰম্ভণি গীত পৰিৱেশন কৰে বৃহত্তৰ নৰকাসুৰ লেখিকা সংস্থাৰ শিল্পী সকলে। লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰাপক তথা লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আযুক্ত থানেশ্বৰ মালাকাৰ। বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱী, প্ৰয়াত নিশান্ত কাশ্যপৰ শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী স্বপ্নাৰাণী দাস তালুকদাৰ আৰু সমাজকৰ্মী ড° সংগীতা ৰাজখোৱা। সভাত গীতৰ অনুষ্ঠান পৰিবেশন কৰে বিনীতা ডেকা আৰু শিশু শিল্পী মেধাজ্যোতি নাথে। অনুষ্ঠানত বঁটাৰ দাঁতা তথা প্ৰয়াত নিশান্ত কাশ্যপৰ পিতৃ অৱসৰপ্ৰাপ্ত বেংক বিষয়া প্ৰতুল ডেকা আৰু মাতৃ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিন্দু ডেকা চৌধুৰী, ৰহস্যৰ প্ৰতিষ্ঠাপক সম্পাদক দামোদৰ শৰ্মা, লেখক-সাংবাদিক আজিজুৰ ৰহমান শইকীয়া, লেখিকা সংস্থা,অসমৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। শেষত পৰিয়াল তথা লেখিকা সংস্থা, অসমৰ হৈ শলাগৰ শৰাই আগবঢ়াই বিন্দু ডেকা চৌধুৰীয়ে।


চিত্ৰকৰ তথা এনিমেছন ভিজুৱেল এফেক্টৰ স্নাতক তথা দুখনকৈ চুটি ছবিৰ নিৰ্মাতা, অকালতে মৃত্যুবৰণ কৰা নিশান্ত কাশ্যপৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এগৰাকী মেধা সম্পন্ন যুৱ প্ৰজন্মৰ ব্যক্তিক উৎসাহিত কৰিবলৈ লেখিকা সংস্থা, অসমে নতুনকৈ এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয় আৰু ২৫ জুলাইৰ জন্মদিনৰ সৈতে সংগতি ৰাখি লেখিকা সংস্থা,অসমে এই বঁটা প্ৰদান অনুষ্ঠানটিৰ আয়োজন কৰে।

Leave A Reply

Your email address will not be published.