Nita Ambani: কন্যাক পিছ পেলালে মাতৃয়ে! ৬০ বছৰ বয়সত নীতা আম্বানীয়ে হাতত ল’লে ক’লা-বগা পপকৰ্ণৰ বেগ

জিঅ’ ৱৰ্ল্ড প্লাজাত অনুষ্ঠিত অনুষ্ঠানত একমাত্ৰ কন্যা ঈশা আম্বানীৰ সৈতে উপস্থিত হয় নীতা আম্বানী। মাতৃ-কন্যাৰ যুটিয়ে কেমেৰাৰ সন্মুখত পোজ দিছিল। ৬০ বছৰ বয়সত নীতা আম্বানীক হাতত ক’লা-বগা পপকৰ্ণৰ বেগ লোৱা দেখা গৈছিল।(Nita Ambani)

নীতা আম্বানী আৰু ঈশা আম্বানীয়ে টিৰা ইভেণ্টত উপস্থিত হোৱাৰ লগে লগে সকলো কেমেৰা তেওঁলোকৰ ফালে ঘূৰিল। এই ইভেণ্টত মাতৃ-কন্যা যুটিক ইমানেই দুনীয়া আৰু ষ্টাইলিছ দেখা গৈছিল যে তেওঁলোকে আন সুন্দৰীসকলক যেন পিছ পেলাইছিল। দুয়োৱে পশ্চিমীয়া সাজ-পোছাক পৰিধান কৰিছিল আৰু তেওঁলোকৰ একেলগে থকা সৌন্দৰ্য্য কেমেৰাত বন্দী হৈছিল। (Isha Ambani)

নীতা আম্বানীৰ বয়স ৬০ বছৰ হ’লেও তেওঁৰ ষ্টাইল আৰু মুখৰ সৌন্দৰ্য্যৰ পৰা তেওঁৰ বয়স নিৰ্ণয় কৰাটো কঠিন। নীতা আম্বানীক ঢিলা ক’লা ৰঙৰ জিলিকি থকা পেণ্ট আৰু বগা ৰঙৰ ক’লা চেক ফুল স্লীভ টপ পিন্ধা দেখা গৈছিল। (Popcorn Style Purse)

লগতে পিন্ধিছিল ডাঙৰ ঘূৰণীয়া কাণফুলি। কিন্তু সকলোৰে দৃষ্টি আবদ্ধ হৈ পৰিল তেওঁৰ পাৰ্চত। যিটো অনুৰাগীসকলে বৰ ভাল পাইছিল।

মাতৃৰ দৰেই ষ্টাইলিছ দেখা ঈশা আম্বানীয়ে বেঙুনীয়া ৰঙৰ পেণ্ট আৰু কোট পিন্ধিছিল। ঈশাই ডিঙিত একে ৰঙৰ স্কাৰ্ফ বান্ধি কাণত সৰু কাণফুলি পিন্ধিছিল।

লগতে ঈশাক হাতত সোণালী ৰঙৰ পাৰ্চ এটা লৈ থকা দেখা গ’ল। এই ফটো সমূহ ছচিয়েল মিডিয়াত এক মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

Related Articles