Breaking

কাশীত আনন্দৰে চাট উপভোগ কৰিলে নীতা আম্বানীয়ে! আনকি দোকানীক ৰেচিপিও বিচাৰিলে…

0 15

দেশৰ বৃহৎ উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে অতি সোনকালে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। অহা মাহত ১২ জুলাইত দুয়োৰে বিবাহ হ’ব, যাৰ বাবে বিয়াৰ প্ৰস্তুতিত ব্যস্ত আম্বানী পৰিয়াল। ইফালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ লৈ কাশী বিশ্বনাথলৈ গৈছিল। কাশী বিশ্বনাথত তেওঁক এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা পোৱা গ’ল।

আনহাতে কাশীত বাবাৰ চৰণত বিয়াৰ নিমন্ত্ৰণী পত্ৰ ৰাখি পৰিয়ালৰ বাবে আশীৰ্বাদ ল’লে নীতা আম্বানীয়ে। ইফালে তেওঁৰ আন এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে কাশী বিশ্বনাথ ভ্ৰমণৰ পিছত নীতা আম্বানীক কাশীৰ এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা যায়। ভিডিঅ’টোত তেওঁৰ লগত আন কিছু লোককো দেখা গৈছে। আনহাতে, ভিডিঅ’টোত নীতা আম্বানীয়ে বিভিন্ন ধৰণৰ চাট উপভোগ কৰা দেখা গৈছে, যিটো তেওঁৰ ইমানেই ভাল লাগিল যে দোকানীক ইয়াৰ ৰেচিপিও সুধিলে নীতা আম্বানীয়ে।

Leave A Reply