Breaking

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি…

0 25

সৰ্বসন্মতি ক্ৰমে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে পুনৰবাৰ নিৰ্বাচিত নীতা আম্বানি। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সৰ্বসন্মতিক্ৰমে পুনৰ আই অ’ চিলৈ নিৰ্বাচিত হৈ বিশ্বজুৰি ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ভাৰত আৰু বিশ্বজুৰি অলিম্পিক আন্দোলন বৃদ্ধিৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

কাইলৈ পৰা আৰম্ভ হ’বলগীয়া ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ মুকলি অনুষ্ঠানৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বুধবাৰে ঘোষণা কৰে যে নীতা আম্বানী, ১৪২ সংখ্যক অধিবেশনত ভাৰতৰ পৰা আই অ’ চি হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতাই ১০০ শতাংশ ভোট লাভ কৰি সৰ্বসন্মতিক্ৰমে জয়লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত নীতাই কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে মোৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ বাবে ৰাষ্ট্ৰপতি বাখ আৰু আই অ’ চিৰ মোৰ সকলো সহকৰ্মীক ধন্যবাদ জনাইছো। এই পুনৰ নিৰ্বাচন কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয় বৰঞ্চ বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ স্বীকৃতিও।

Leave A Reply

Your email address will not be published.