NL College Book Fair:সামৰণি পৰিল সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা

লখিমপুৰ, ২৫ মাৰ্চঃ ‘এটা গল্পৰ মাজত বাৰ্তা থাকিব লাগিব, বক্তব্য থাকিব লাগিব, যাতে সেই গল্পই পাঠকক চুই যাব পাৰে।’- সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ(NL College Book Fair) সৈতে সংগতি ৰাখি আয়োজিত সৃষ্টিশীল সাহিত্যৰ কৰ্মশালাৰ দ্বিতীয় দিনত জয়ন্ত মাধৱ বৰাই এই বুলি মতপোষণ কৰে। সপ্তম নৰ্থ লখিমপুৰ কলেজ(North Lakhimpur College) গ্ৰন্থমেলাৰ আজি শেষৰটো দিন।

আজি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়।প্ৰথম কাৰ্যসূচী হিচাপে দিনৰ ১১ বজাৰ পৰা মহাবিদ্যালয়ৰ কনফাৰেন্স হলত সাহিত্য আৰু আলোচনা শাখা, নৰ্থ লখিমপুৰ ছাত্ৰ একতা সভাৰ আয়োজনত দ্বিতীয় দিনৰ সৃষ্টিশীল সাহিত্যৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আজিৰ অনুষ্ঠানটো ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনীৰ সম্পাদক শৰৎ শইকীয়াই আঁত ধৰে। বৰ্ণালী বৰাই সঞ্চালনা কৰা এই কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত মাধৱ বৰাই মূল ভাষণত সৃষ্টিশীল সাহিত্যৰ বিশেষকৈ চুটিগল্পৰ নিৰ্মাণ সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে।

চুটিগল্পত পাঠকক মোহাচন্ন কৰিব পৰা নাটকীয়তা থাকিব লাগিব। আৰম্ভণিৰ পৰা শেষলৈকে পাঠকক গল্পটোয়ে ধৰি ৰাখিব পাৰিব লাগিব। পৰৱৰ্তী সময়ত এই কৰ্মশালাত যোগদান কৰা কেইবাজনো অংশগ্ৰহণকাৰীৰ গল্প পঢ়ি জয়ন্ত মাধৱ বৰাই(Jayant Madhav Bora) মন্তব্য প্ৰদান কৰে।

বিয়লি ২ বজাত মহাবিদ্যালয়ৰ হেমেন্দ্ৰ কুমাৰ গগৈ প্ৰেক্ষাগৃহত নৰ্থ লখিমপুৰ কলেজ টাই আহোম ছাত্ৰ সমাজৰ আয়োজনত ‘অসমত বুৰঞ্জী চৰ্চা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ তথা লেখক নবীন বুঢ়াগোঁহাই। এই অনুষ্ঠানৰ সমন্বয়কৰ দায়িত্বত থাকে উদ্ধৱ তামুলী ফুকন আৰু কৃষ্ণকান্ত সন্দিকৈ।

অনুষ্ঠানটো ভূগোল বিভাগৰ মূৰব্বী ড° স্বপ্নালী গগৈয়ে সঞ্চালনা কৰে। সমল ব্যক্তিৰ ভাষণৰ প্ৰাক মুহূৰ্ত্তত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গ্ৰন্থমেলা আয়োজন সমিতিৰ সমন্বয়ক ড° অৰবিন্দ ৰাজখোৱাই(Dr. Arvind Rajkhowa) নবীন বুঢ়াগোহাঁইৰ কৰ্মৰাজি সম্পৰ্কে এটি চমু আভাস দাঙি ধৰে।

মূল ভাষণত নবীন বুঢ়াগোঁহাইয়ে অসমৰ বুৰঞ্জীৰ লগতে বুৰঞ্জী চৰ্চাৰ ইতিহাস সম্পৰ্কীয় এক তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। লগতে পুৰাতত্ব সম্পৰ্কীয় কিছু প্ৰসংগও উত্থাপন কৰে। বুৰঞ্জীৰ সমলসমূহ কেনেকৈ আহৰণ কৰা উচিত আৰু বুৰঞ্জী চৰ্চা কৰিবলৈ যে নিৰপেক্ষ দৃষ্টিভংগীৰ প্ৰয়োজন সেই কথা উল্লেখ কৰি তেওঁ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখনত কিদৰে জড়িত হ’ল সেই সম্পৰ্কে কিছু কথা কয়।

পৰৱৰ্তী সময়ত মত বিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে সক্ৰিয় অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা উপলক্ষে আয়োজিত প্ৰতিযোগিতাসমূহৰ পুৰুস্কাৰ প্ৰদান কৰা হয়।সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ সমন্বয়কৰ দায়িত্বত থাকে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মুনমী দত্ত।

ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে গ্ৰন্থমেলাৰ বাকৰি জীপাল কৰি তোলে। অন্য দিনাৰ দৰে শেষৰ দিনটোতো গ্ৰন্থ মেলাত পুৱাৰ পৰা নিশালৈকে গ্ৰন্থপ্ৰেমীসকলৰ যথেষ্ট সমাগম দেখা যায়। এইবাৰৰৰ গ্ৰন্থমেলাখন আগৰ কেইবাৰতকৈ যথেষ্ট ফলপ্ৰসু হয় বুলি সমন্বয়ক ড৹ অৰবিন্দ ৰাজখোৱাই জনায়।

বিভিন্ন ঠাইৰপৰা ভাগ ল’বলৈ অহা বিশিষ্ট ব্যক্তিসকলে কলেজখনৰ এই পদক্ষেপৰ ভূঁয়সী প্ৰসংশা কৰে। সকলোৱে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ কলেজ কৰ্ত্তৃপক্ষক আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত ব্যাৱহাৰিকভাৱে জ্ঞান অৰ্জনৰ যি ব্যৱস্থা ৰখা হৈছে, তাৰ পূৰ্ণ প্ৰয়োগ এই গ্ৰন্থমেলাত দেখা গ’ল।

সকলো বিপণি আদ্যোপান্ত পৰিচালনা কৰিছিল অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। ৰাজ্যৰ শিক্ষা বিভাগে সম্প্ৰতি নিবনুৱা সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ যি ব্যৱহাৰিক শিক্ষাৰ পোষকতা কৰিছে তাকেই যেন এক আদৰ্শৰ ৰূপত নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাই তুলি ধৰিলে। গ্ৰন্থমেলাখনত পোন্ধৰ খনৰো অধিক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।

এইবাৰৰ গ্ৰন্থমেলাত বাৰ লাখৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হয়। আটাইতকৈ গুৰুত্ব লাভ কৰে নেশ্যনেল বুক ট্ৰাষ্ট(National Book Trust), বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ তথা শৰাইঘাট প্ৰকাশনৰ গ্ৰন্থই।

Related Articles