Breaking

অসমত সম্পূৰ্ণ লকডাউন নহয়ঃ গাঁৱৰ সান্ধ্য আইনৰ সময়সীমাৰ সলনিঃশ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

0 2,052

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ক’ৰনা বিধি আৰু স্বাস্হ্য সম্পৰ্কীয় নিয়ম-নীতি মানি চলাটো আৱশ্যক।ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা নিয়ম-নীতি কঠোৰভাৱে বলৱৎ কৰাৰ বাবে প্ৰশাসনক সষ্ঠম হৈ আছে।ক’ভিডৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে আংশিক লকডাউন,সান্ধ্য আইন, কভিডৰ পৰীক্ষা,টিকাকৰণ আৰু ক’ভিড আক্ৰান্ত সকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহন কৰা হৈছে।ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত ক’ভিড আক্ৰান্তৰ উপযুক্ত চিকিৎসাৰ সুবন্দোৱস্ত থকাৰ উপৰি নতুনকৈ একাধিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসাৰ ব্যৱস্হা কৰা হৈছে।আই চি ইউ আৰু অক্সিজেনৰ পৰ্যাপ্ত ব্যৱস্হা আছে। কিন্তু আক্ৰান্ত সকল সময়মতে চিকিৎসালয়লৈ নহাত মৃত্যুৰ সংখ্যা কিছু বৃদ্ধি হৈছে। ক’ভিড আক্ৰান্ত সকলে প্ৰাথমিক অৱস্হাত চিকিৎসকৰ ওচৰ চাপিলে মৃত্যুৰ সংখ্যা হ্ৰাস পালেহেঁতেন।আনহাতে কিছুমান আক্ৰান্তই হ’ম কোৱেৰান্টাইনৰ সুযোগ লয় যদিও তেওঁলোক ঘৰত থাকি ক’ভিডৰ নিয়ম-নীতি পালন নকৰাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। গতিকে এতিয়াৰ পৰা আক্ৰান্ত সকলক হ’ম কোৱেৰান্টাইনৰ সুযোগ নিদি চিকিৎসালয়ত পঠাবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ আন্তঃৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰত স্হাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি ইয়াত কৰ্মৰত চিকিৎসক তথা প্ৰশাসনিক বিষয়া সকলৰ পৰা যাৱতীয় কাম কাজৰ বুজ লোৱাৰ পাছত কোকৰাঝাৰ জিলাৰ ক’ভিড পৰিস্হিৰ বুজ লবলৈ জিলা প্ৰশাসন, স্বাস্হ্য বিভাগ আৰক্ষী বিষয়া গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে এক ৰুদ্ধদ্বাৰ আলোচনাত মিলিত হৈ জিলাখনৰ সামগ্ৰিক পৰিস্হিতিৰ বুজ লয়।পাছত মুখ্য মন্ত্ৰীয়ে কয় গ্ৰামাঞ্চলত সান্ধ্য আইনৰ সময়সীমা আজিৰ পৰা বৃদ্ধি কৰা হৈছে।আজিৰ পৰা বিয়লি ২ বজাৰ পৰা গ্ৰামাঞ্চলত সান্ধ্য আইন বলৱৎ থাকিব।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই আকৌ কয় ৰাজ্যত সম্পূৰ্ণ লকডাউন কৰাৰ চিন্তাভাবনা এতিয়াও কৰা হোৱা নাই।পৰিস্হিতিৰ আৰু অধিক অৱনতি নহ’লে বৰ্তমানে প্ৰযোজ্য নিয়ম-নীতি পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব।ইপিনে ক’ভিড পৰীক্ষাৰ মাত্ৰা আৰু বৃদ্ধি কৰাৰ লগতে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে টিকা লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা স্বাস্হা বিষয়া তথা প্ৰশাসনিক উচ্চপদস্হ বিষয়া সকলক নিৰ্দেশ দিয়ে।শ্ৰীৰামপুৰত বহিঃৰাজ্যৰ পৰা অহা বাছ যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰা হৈ আছে যদিও ট্ৰাকচালক সকলৰ পৰীক্ষা কিয় কৰা হোৱা নাই বুলি প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোক অত্যাবশ্যকীয় সামগ্ৰী কঢ়িয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চল লৈ যায় তেওঁলোকৰ ইয়াত ক’ভিডৰ পৰীক্ষা কৰিলে সমস্যা দেখা দিব।ফলত তেওঁলোক গন্তব্যস্হল লৈ যোৱাৰ পাছত তাত তিওঁলোকৰ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্হা কৰা হৈছে।মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্ত,বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,বিটিচিৰ স্বাস্হ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ দে,কোকৰাঝাৰ (পশ্চিম)ৰ বিধায়ক লৰেন্স ইছলাৰী,বিটিচিৰ শ্ৰীৰামপুৰৰ পৰিষদীয় সদস্য সজল কুমাৰ সিংহকে ধৰি কোকৰাঝাৰ জিলা আৰু গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্হিত থাকে। মুখ্যমন্ত্ৰী শ্ৰীৰামপুৰ ক’ভিড পৰীক্ষাকেন্দ্ৰ পৰ্যবেক্ষণ কৰি ইয়াৰে পৰা হেলিকপ্টাৰ যোগে ধুবুৰী জিলাৰ বক্সিৰহাট আন্তঃৰাজ্যিক সীমান্তত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰাৰ বাবে উৰা মাৰে।

Leave A Reply

Your email address will not be published.