Breaking

ৰূপহীহাটত গ্ৰামীণ বিকাশ বেংকৰ চি এচ পিৰ দুৰ্নীতিৰ বিৰুদ্ধে আজিও নহল তদন্ত ।

0 120

নগাঁও: 

বিত্তীয় প্ৰতিষ্ঠান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমুহ চমুকৈ চি এছ পি এতিয়া যেন হৈ পৰিছে লুন্ঠনৰ আহিলা।   গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি লেনদেন কৰাৰ সুবিধাৰ্থ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা চি এচ পিৰ একাংশ বানিজ্যিক প্ৰতিনিধিয়ে বিভিন্ন আঁচনিৰ বিপৰীতে হিতাধিকাৰীৰ একাউন্টত  ধন সুমুৱাই ব্যাপক হাৰত লুন্ঠন চলোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। তেনে এক অভিযোগ উঠিছিল অসম গ্ৰামীণ বিকাশ বেংকৰ আউনিআটি শাখাৰ অধীনত থকা ৰূপহী থানা ৰোডস্থ চি এচ পিৰ বিৰুদ্ধে। আৰ টি আই কৰ্মী এ জে আকন্দ‌ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু চি এচ পিৰ বানিজ্যিক প্ৰতিনিধি আবু হানিফাই এম জি এনৰেগাৰ জব কাৰ্ড শ্ৰমিক, সংখ্যালঘু জলপানি আচনি, প্ৰধানমন্ত্ৰী কৃষি সন্মান আচনিকে ধৰি একাধিক আঁচনিৰ ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰা ঘটনা সন্দৰ্ভত আজিও নহ’ল কোনো তদন্ত। উল্লেখ্য যে উক্ত চি এচ পিটো প্ৰথম অৱস্থাত হানিফাৰ ভাতৃ মোস্তাফা হুছেইনৰ নামত আছিল যদিও একাংশ গ্ৰাহকৰ একাউণ্টৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগত সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই এই চি এচ পিটো বন্ধ কৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত চতুৰ হুছেইনে সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুনৰ একেটা চি এচ পি নিজৰ ভাতৃ আবু হানিফাৰ নামত আবন্টন কৰাবলৈ সক্ষম হোৱাৰ অভিযোগ তুলিছিল আকন্দ‌ই। লক্ষ্যনীয় বিষয় এই যে ইতিপূৰ্বে এই চি এচ পিৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি-অনিয়ম সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতো ৰহস্যজনক ভাবে বেংক কৰ্তৃপক্ষই নিৰৱ ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মী এ জে আকন্দ‌ই। আনহাতে, বেংক কৰ্তৃপক্ষ চি এচ পিটোৰ পকেটত আছে নেকি বুলিও সচেতন মহলে প্ৰশ্ন অৱতাৰণা কৰিছে।

Leave A Reply

Your email address will not be published.