Breaking

দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণ কৰা অসমৰ বাৰ গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

0 4,612

অসমৰ পৰা দিল্লীলৈ সোমবাৰে গৈ কৃষক আন্দোলনত যোগ দিছিল অসমৰ বাৰ জনীয়া এটা দলে। পিছত বুধবাৰে সন্ধিয়া উভতি আহি বৰঝাৰ বিমান বন্দৰ কভিড পৰীক্ষা নকৰাৰ অভিযোগত বাৰ গৰাকীৰ বিৰুদ্ধে আজাৰা থানাত  জামিন বিহীন গোচৰ ৰুজু হোৱা লগতে ৰাণীৰ কৃষক নেতা দিনেশ দাসক আজি পুৱাই আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমৰ পৰা গৈ দিল্লীত কৃষক আন্দোলনত অংশগ্রহণ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বাৰজনীয়া  দলটোৱে। পিছত তাৰ পৰা উভতি আহি বুধবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ কভিড পৰীক্ষা নকৰাৰ গুৰুতৰ অভিযোগত আটক হব লগা হল ৰাণীৰ কৃষক নেতা দিনেশ দাস।

আজি পুৱাই আজাৰা আৰক্ষীয়ে ৰাণী আৰক্ষীৰ সহযোগত দীনেশ দাসক ঘৰৰ পৰাই আটক কৰি লৈ আহে। অসমৰ পৰা যোৱা বাৰজনীয়া দলটোৰ দীনেশ দাস আৰু অনুৰূপা ডেকা বৰুৱাসহ আটাইকেইগৰাকীৰ বিৰুদ্ধে বৰঝাৰ বিমান বন্দৰৰ কভিড টীমৰ তত্ত্বাবধায়কে কভিড নিয়ম ভংগ কৰাৰ বাবে এজাহাৰ দাখিল কৰিছিল আজাৰা থানাত। 

আনহাতে আজাৰা আৰক্ষীয়ে দাসৰ পৰিয়ালক আটক কৰাৰ কাৰণ জনোৱা নাই বুলিও তেওঁৰ পত্নীয়ে অভিযোগ তুলিছে। এই বাৰজনীয়া দলটোৰ বিৰুদ্ধে ৫৬/২১ নম্বৰত জামিন বিহীন গোচৰ ৰুজু হোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজাৰা আৰক্ষীয়ে আজি পুৱাই  দীনেশ দাসক আটক কৰি আজাৰা থানালৈ লৈ অহাৰ কিছু সময় পিছতেই বাকী সতীৰ্থসকলৰ সন্ধানত তেওঁক পুনৰ মহানগৰীৰ ফালে লৈ যোৱা হয় ।

বৰ্তমানলৈ আজাৰা আৰক্ষীয়ে দীনেশ দাসক ক’ত ৰাখিছে অথবা কি অভিযোগত আটক কৰিলে সবিশেষ জানিবলৈ দিয়া নাই যদিও প্ৰকৃততে কভিড পৰীক্ষা নকৰাৰ অপৰাধতেই এতিয়া চৰম শাস্তি ভোগ কৰিব লাগিব নেকি এইসকলে । নে ইয়াৰ আৰত ৰজাঘৰীয়াৰ  অন্য উদ্দেশ্যে নিহিত হৈ আছে তাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.