Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

শ্ৰীনগৰ, ২৪ অক্টোবৰ: জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত বৃহস্পতিবাৰে পুৱা সন্ত্ৰাসবাদীৰ দ্বাৰা এটা আক্ৰমণৰ ঘটনা সংঘটিত হয়(Terror attack in Jammu and Kashmir) । সন্ত্ৰাসবাদীৰ এটা দলে কৰা গুলীচালনাত উত্তৰ প্ৰদেশৰ এজন শ্ৰমিক আহত হোৱা বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।

পুলৱামা জিলাৰ ট্ৰালৰ অন্তৰ্গত বটাগুণ্ড নামৰ এখন গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা গুলীচালনাত উত্তৰ প্ৰদেশৰ বিজনুৰ বাসিন্দা শুভম কুমাৰ নামৰ শ্ৰমিক এজনৰ বাহুত গুলীৰ আঘাত পোৱা বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে(Terror attack in Tral area of Pulwama district)। গুলীবিদ্ধ কুমাৰক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলিও স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিগত এসপ্তাহত কাশ্মীৰত অস্থানীয় শ্ৰমিকৰ ওপৰত এইটো হৈছে তৃতীয়টো আক্ৰমণ।

যোৱা দেওবাৰে জম্মু কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ এটা নিৰ্মাণস্থলীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছয়জন প্ৰব্ৰজিত শ্ৰমিক আৰু এজন স্থানীয় চিকিৎসক নিহত(Doctor killed in JK terror attack) হোৱাৰ বিপৰীতে ১৮ অক্টোবৰত শ্বোপিয়ান জিলাত বিহাৰৰ আন এজন শ্ৰমিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

Related Articles