Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

এয়া দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চীন সীমান্ত অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শেহতীয়াকৈ হোৱা চুক্তিক ‘আদৰণি’ জনায়।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে- বিবাদ দূৰ কৰি শান্তি ঘূৰাই আনিবলৈ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “দুয়োগৰাকী নেতাই এই কথাত একমত হৈছে যে সীমান্ত অঞ্চলত শান্তি বজাই ৰাখিবলৈ আৰু চলি থকা সীমা সম্পৰ্কীয় প্ৰশ্নৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সন্ধান কৰিবলৈ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিয়ে শীঘ্ৰে বৈঠকত মিলিত হ’ব।” দুয়োখন দেশৰ মাজত তিক্ত হৈ পৰা সম্পৰ্ক সুস্থিৰ কৰিবলৈ বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে জড়িত আলোচনাৰ প্ৰক্ৰিয়াও চলোৱা হ’ব বুলি কয়। এই বৈঠকে এছিয়াৰ দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰিব পাৰে।ভাৰত আৰু চীনে পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সামৰিক টহল দিয়াৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ দুদিন পিছতে এই বৈঠক অনুষ্ঠিত হয়। যোৱা বছৰৰ আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত জোহান্সবাৰ্গত চমু আৰু অনানুষ্ঠানিক কথা-বতৰা হৈছিল ।

Related Articles