Breaking

North-East Badminton Tournament: আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন, দলীয় শাখাত অসমৰ প্ৰতিদ্বন্দ্বী নগালেণ্ড-অৰুণাচল…

22

গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷(Yonex-Sunrise North East Zone Inter-State Badminton Tournament)

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আজি ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচী অনুসৰি অসমৰ পুৰুষ আৰু মহিলা দলে নগালেণ্ডৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে অৰুণাচলৰ বিৰুদ্ধে প্ৰথম মেচত অংশ ল’ব৷(Badminton Association of India)

অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডাঃ ননী গোপাল মহন্তই৷

গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন

দলীয় শাখাৰ খেলৰ অন্তত অহা ন আৰু দহ ছেপ্টেম্বৰত পুৰুষ-মহিলা তথা জুনিয়ৰ ল’ৰা-ছোৱালীৰ একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখন সামৰণি পৰিব অহা দহ ছেপ্টেম্বৰত৷ চাৰি দিনীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈয়ে অংশ লৈছে৷ ইয়াৰে পুৰুষ ডেৰশ তথা এশ মহিলা শ্বাটলাৰৰ লগতে খেল পৰিচালক হিচাপে ৪১ গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰীয়ে অংশ লৈছে৷

লগতে পঢ়কঃ Durand Cup 2024 : ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ : পাৰ্থিৱ গগৈ…

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৰাজ্য কেইখন হ’ল ঃ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মনিপুৰ, নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু আয়োজক অসম৷ প্ৰায় ৪০ জনীয়া সদস্যৰে অসমৰ সৰ্ববৃহৎ দল৷

published by: Munmi gogoi

Comments are closed.