নৰ্থ-ইষ্ট পেঞ্চাক চিলাটলৈ ধেমাজিৰ ৩০ গৰাকী খেলুৱৈ

যোৰহাটত অনুষ্ঠিত হ’ব লগা নৰ্থ-ইষ্ট পেঞ্চাক চিলাট প্ৰতিযোগিতালৈ ধেমাজি জিলাৰ ৩০ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে ৷ জিলা ভিত্তিত বাছনি শিবিৰ অনুষ্ঠিত কৰাৰ পিছত খেলুৱৈ সকলক নিৰ্বাচিত কৰা হৈছে ৷

যোৰহাটলৈ খেলুৱৈ সকল যাত্ৰাৰ সময়ত গোগামুখ আবতানি ক্ষেত্ৰত আজি প্লেগ অফ কৰে সদৌ অসম পেঞ্চাক চিলাট সমিতিৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই ৷ তেওঁ খেলুৱৈ সকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷ তেওঁ কয়- পেঞ্চাক চিলাট খেল হৈছে উদ্ভাসিত জনপ্ৰিয় খেল ৷ খেলবিধে ইতিমধ্যে সমগ্ৰ বিশ্বত বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে কম দিনৰ ভিতৰতে এছিয়ান গেমছত ইভেণ্ট হিচাপে প্ৰতিষ্ঠা হৈছে ৷

২০৩০ বৰ্ষৰ অলিম্পিকত পেঞ্চাক চিলাটে অলিম্পিকত স্থান লাভ কৰিব বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, সাধাৰণ সদস্য ৰাজু পেগু, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান, সহকাৰী সম্পাদক সঞ্জীৱ মিলি প্ৰমূখ্যে ধেমাজি জিলা পেঞ্চাক চিলাক সমিতিৰ বিষয়-ববীয়া সকলে ৷

Related Articles