Breaking

উত্তৰ-পূৱৰ প্ৰথম দলৰূপে ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড

0 29

ছিলঙত হোৱা প্ৰথম ছেমিফাইনেলত পৰাস্ত ছিলং লাজং এফ চি অসমৰ পাৰ্থিৱ গগৈৰ গল

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিহাস গঢ়ি উত্তৰ-পূৱৰ প্ৰথম দলৰূপে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৩-০ গলৰ ব্যৱধানত আই লীগ খেলা স্থানীয় ক্লাব ছিলং লাজং এফ চিক পৰাস্ত কৰে৷

অপৰাজেয় জয়যাত্ৰাৰে আত্মবিশ্বাসী হৈ ছেমিফাইনেল খেলা নৰ্থ ইষ্ট ইউনাইটেডে বিপক্ষৰ ঘৰত বিৰোধী সমৰ্থকৰ কোলাহত খেলাৰ পাছতো দৃঢ়তা অক্ষুন্ন ৰাখি মেচৰ আৰম্ভনিৰ পৰাই ছিলং লাজং দলক চাপত ৰাখিবলৈ সক্ষম হয়৷ ১৩ মিনিটতে থৈ সিঙৰ গ’লেৰে মেচত ১-০ ৰ অগ্ৰগতি লয় নৰ্থ ইষ্ট ইউনাইটেডে৷ আনহাতে, ৩৩ মিনিটত আজাৰাই দলৰ হৈ দ্বিতীয়টো গল কৰি বিৰতিলৈ নৰ্থ ইষ্ট ইউনাইটেডক ২-০ ত আগুৱাই ৰাখে৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত ছিলং লাজং দলে আৰম্ভনিতে সংঘবদ্ধ আক্ৰমণ ৰছনা কৰে যদিও নৰ্থ ইষ্ট ইউনাইটেডে বিপক্ষক বল লৈ অহাত কোনো সুৰুঙা দিয়া নাছিল৷ বিপৰীতে লাজঙৰ ৰ’নী সিঙে অন্তিমক্ষণত ৰঙা কাৰ্ড পোৱাত দলে দহ জনৰে খেলে৷ আনহাতে, ইঞ্জুৰী টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈয়ে অনন্য গল কৰি দলৰ ৩-০ ৰ বিজয় নিশ্চিত কৰে৷

অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ’ব বেংগালুৰু এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্টৰ মাজত কাইলৈ হ’বলগা দ্বিতীয় ছেমিফাইনেলৰ বিজয়ীৰ বিৰুদ্ধে৷ উল্লেখ্য যে মোহন বাগান আই এছ এলৰ লীগ চেম্পিয়ন হোৱাৰ লগতে ডুৰাণ্ড কাপৰ ডিফেণ্ডিং চেম্পিয়ন৷ আনহাতে, বেংগালুৰু এফ চিয়েও প্ৰতিযোগিতাৰ পূৰ্ব চেম্পিয়ন৷

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

Leave A Reply

Your email address will not be published.