North Guwahati Girls High School: উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসমৰ নাগৰিক সভা, স্বদেশ আৰু স্বজাতিৰ প্ৰতি জাতিটোৰ দায়বদ্ধতা কমি আহিছে-হিতেশ ডেকা

দৈনন্দিন বাৰ্তা,উত্তৰ গুৱাহাটী: শনিবাৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসম কাকতৰ উদ্যোগত অনুষ্ঠিত “বাতৰি কাকতৰ সংকটঃ সমাজৰ দায়িত্ব” বিষয়ক নাগৰিক সভাত উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰি দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই কয় স্বজাতিৰ প্ৰতি জাতিটোৰ দায়বদ্ধতা কমি আহিছে।(North Guwahati Girls High School)

১৯৬৫ চনৰ ৪ অক্টোবৰত আধুনিক অসম নিৰ্মাতা সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ বলিষ্ঠ নেতৃত্বত জন্ম লাভ কৰা দৈনিক অসম কাকতে জন্ম লগ্নৰে পৰা কাৰো লগত আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে।বৰং দৈনিক অসম কাকতে অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক ৰাজনৈতিক, আৰু শৈক্ষিক ক্ষেত্ৰখনত এক বলিষ্ঠ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। শনিবাৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসম কাকতৰ উদ্যোগত অনুষ্ঠিত বৰ্তমান সময়ত “বাতৰি কাকতৰ সংকটঃ সমাজৰ দায়িত্ব” বিষয়ক নাগৰিক সভাত আদৰণি ভাষণত এইদৰে উল্লেখ কৰে কাকত খনৰ সম্পাদক হিতেশ ডেকাই।(North Guwahati)

উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিগন্ত বড়াৰ সঞ্চালনত অনুষ্ঠিত আৰু দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক শিৱপ্ৰসাদ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভাষণ দি সম্পাদক ডেকাই বৰ্তমান সময়ত বাতৰি কাকত পঢ়াৰ প্ৰতি পঢ়ুৱৈৰ গুৰুত্ব কমি অহাত গভীৰ উদ্ৰেক প্ৰকাশ কৰি কয় ইয়াৰ মূলতে আমাৰ মানুহৰ অসমীয়া ভাষাৰ প্ৰতি অবহেলা মনোভাৱে গ্ৰাস কৰিছে আৰু ই জাতিটোৰ প্ৰতি এক অশনি সংকেট। আমাৰ মানুহে অসমীয়া মাধ্যমৰ বিদ্যালয় পৰিবৰ্তে ইংৰাজী ভাষাৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ লৈছে। যাৰ ফলত আজিৰ প্ৰজন্মই‌ অসমীয়া ভাষা কবলৈ ইচ্ছা নকৰে বা নপঢ়ে।(Dainik Assam)

ই অত্যন্ত স্পৰ্শ কাতৰ বিষয় হৈ পৰিছে। এটা সময় আছিল অসমীয়া জাতিয়ে নিজৰ মাতৃভাষা ৰক্ষাৰ বাবে বঙালী জাতিৰ লগত যুজ কৰিছিল। এতিয়া আমাৰ নিজৰ ভাষাটোৰ কাৰণে পৰিয়ালৰ মাজতে যুঁজ দিবলগীয়া হৈছে। অসমীয়া মাধ্যমত পঢ়ালে ঠাট্টা ইতিকিং কৰা হৈছে পৰিয়ালৰ ভিতৰতে। নিজৰ ঘৰতেই যদি মাতৃভাষাৰ প্ৰতি আদৰ নাথাকে কেতিয়াও নিজৰ সন্তানক জাতীয় সন্তান হিচাপে গঢ়ি তুলিব নোৱাৰি। এই ক্ষেত্ৰত প্ৰতিজন অভিভাৱকক নিজৰ সন্তানক নিজৰ মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ডেকাই লগতে আহ্বান জনায়। সভাৰ আৰম্ভণিতে আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰমোদ তামুলীয়ে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লীলা দেৱীয়ে মাল্যাৰ্পন কৰে।

সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড০ বন্তি বড়া দত্তই দৈনিক অসম কাকত খনৰ লগত আবেগ জড়িত থকাৰ কথা উল্লেখ কৰি কয় যে কাকত খনে সদায় বস্তু নিষ্ঠ,নিৰপ্ৰেক্ষতা আৰু সদায় নিজস্বতা বজায় ৰাখি বাতৰি প্ৰচাৰ কৰি আহিছে। বাতৰি কাকতৰ প্ৰতি অহা ভাবুকিৰ ওপৰত মন্তব্য কৰি ড০দত্তই এই ভাবুকি নিৰ্মূল কৰাৰ বাবে সমাজৰ লোক সকলে ভুগি অহা সমস্যা সমূ্হৰ বাতৰি আৰু গুণগত মানদণ্ডৰ ওপৰত বাতৰি পৰিৱেশন কৰিবলৈ কাকত গোষ্ঠীক আহ্বান জনায়। এই ক্ষেত্ৰত স্থানীয় সংবাদদাতা সকলৰো যথেষ্ট ভূমিকা আছে বুলি ড০ দত্তই লগতে কয়। সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী মৃন্ময় ডাউকাই বাতৰি কাকতৰ মালিক, কৰ্মচাৰী, বিক্ৰেতা আৰু এজেণ্ট সকলৰ মাজত সমন্বয় বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।

ডাউকাই লগতে কাকত খন পাঠক সমাজৰ মনোগ্ৰাহীকৈ আৰু সকলো স্থানৰ নাগৰিকে যাতে পেপাৰ খন লাভ কৰিব পাৰে তাৰ ওপৰত পৰামৰ্শ আগবঢ়া। সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী চন্দন বৰুৱাই দৈনিক অসম কাকত খনৰ লগত অসমীয়া মানুহৰ আবেগ জড়িত হৈ থকাৰ কথা উল্লেখ কৰি পূৰ্বৰ দৰে আপোচহীন ভাৱে কাকত খন জনসাধাৰণৰ বাবে আগবঢ়াবলৈ আহ্বান জনায়। সভাত শিক্ষক গিৰিণ দাসে ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ শিক্ষাৰ এটি শিতানৰ ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড০ হুপেশ চৌধুৰীয়ে কয় বৰ্তমান সময়ত বাতৰি কাকত খনৰ গুণগত মানদণ্ডৰ উন্নতি হৈছে যদিও পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে। বাতৰি কাকত পঢ়াৰ বাবে ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকা সকলক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ড০ দাসে আহ্বান জনায়।

সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী ৰমেন নাথে বাতৰিৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কিতাপ পঢ়া আন্দোলন গঢ়ি তুলিবলৈ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলৰ প্ৰতি আহ্বান জনায়। সভাত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষয়িত্ৰী বৃন্দালী দেৱী, শিক্ষাবিদ তথা বন্তি প্ৰজ্বলক প্ৰমোদ তামুলী, মাল্যাৰ্পক শিক্ষাবিদ লীলা দেৱী,বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ মোহন শইকীয়া , বিশিষ্ট সমাজকৰ্মী গৌৰী কান্ত কাকতি, শিক্ষাবিদ প্ৰভাত শৰ্মা, শিক্ষাবিদ চন্দ্ৰ কান্ত দাস, বিশিষ্ট সমাজকৰ্মী সৌৰভ বৰুৱা, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, বিশিষ্ট সমাজসেৱিকা ঊষা দেৱী, উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণৰাম শইকীয়া, প্ৰবীণ সাংবাদিক দীপেন বায়ন, বিশিষ্ট সমাজকৰ্মী পৱিত্ৰ বৰুৱা, সভাৰ সভাপতি দিগন্ত বড়াই কাকত খনৰ উত্তৰণৰ ক্ষেত্ৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় দৈনিক অসমৰ চাৰ্কোলেচন মেনেজাৰ ভাস্কৰ দাসে।

Related Articles