দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এই মিছাইল উৎক্ষেপণ নিশ্চিত কৰিছে। অক্টোবৰত উত্তৰ কোৰিয়াই কমেও চাৰিটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে।
দক্ষিণ কোৰিয়াৰ যুটীয়া চীফ অফ ষ্টাফে কৈছে যে এই মিছাইল উত্তৰ কোৰিয়াৰ কাংৱন প্ৰদেশৰ টংচান অঞ্চলৰ পৰা উৎক্ষেপণ কৰা হৈছিল। টাংচান অঞ্চলটো আন্তঃ-কোৰিয়া সীমান্ত অঞ্চলৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত।
উত্তৰ কোৰিয়াই এই বছৰ যিকেইটা মিছাইল উৎক্ষেপণ কৰিছে সেইকেইটাৰ ভিতৰত এইটো উৎক্ষেপনৰ স্থান দক্ষিণ কোৰিয়াৰ ওচৰত। জাপান চৰকাৰেও উত্তৰ কোৰিয়াৰ মিছাইল উৎক্ষেপণৰ কথা জনাইছে। দেশখনে কৈছে যে উত্তৰ কোৰিয়াই নিক্ষেপ কৰা মিছাইলটো জাপান সাগৰৰ আছুতীয়া অৰ্থনৈতিক অঞ্চলৰ বাহিৰত পৰিছে।