North Lakhimpur College: সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ পঞ্চম দিনা ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰে আৰম্ভ

অসম চৰকাৰে ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে।(North Lakhimpur College) অসমীয়া কিতাপৰ ইতিহাস যথেষ্ঠ বৰ্ণিল। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থা, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত “অসমীয়া কিতাপৰ ইতিহাস” শীৰ্ষক আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়।

অনুষ্ঠানটোৰ উদ্বোধন কৰি মহাবিদ্যালযৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই আলোচনা চক্ৰৰ বিষয়টো গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰাৰ লগতে বিষয়টোৰ তাৎপৰ্য সম্পৰ্কে কয়। ২২ আৰু ২৩ মাৰ্চ দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী ড° অৰবিন্দ ৰাজখোৱাই। এই অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী আৰু বিশিষ্ট প্ৰকাশক অনন্ত হাজৰিকা। অনুষ্ঠানটোত বীজ ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক, অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে।তেওঁ ঊনবিংশ শতিকা আৰু বিংশ শতিকাৰ কিতাপসমূহৰ বিষয়ে এটি তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে।

অসমৰ নৱ জাগৰণত এই কিতাপসমূহৰ অৰিহণা সম্পৰ্কে বক্তৃতাত তেওঁ বিশদভাবে আলোচনা কৰে। অসমীয়া কিতাপৰ বৰ্ণিল ইতিহাসত অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিৰ প্ৰসংগও তেওঁ উপস্থাপন কৰে। হেমচন্দ্ৰ গোস্বামী, পি আৰ টি গৰ্ডন আৰু আশুতোষ মুখাৰ্জী আদিৰ ভূমিকা অবিহনে যে অসমীয়া গ্ৰন্থৰ ইতিহাস সম্পূৰ্ণ নহয় সেই বিষয়ে তেওঁ বিৱৰি কয়। অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ক্ষীৰোদ কুমাৰ গোস্বামীয়ে ছপাশালৰ ইতিহাসৰ বিষয়ে এটি তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে। লগতে বিয়লিলৈ তেওঁ মহাবিদ্যালয়ৰ হেমেন্দ্ৰ কুমাৰ গগৈ প্ৰেক্ষাগৃহত ছপাযন্ত্ৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আন এগৰাকী ব্যক্তি বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাই বনলতা প্ৰকাশনৰ ইতিহাস সম্পৰ্কে এটি মনোৰম ভাষণ প্ৰদান কৰে। লগতে তেওঁ নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থমেলা আয়োজনৰ যি প্ৰচেষ্টা তাৰ শলাগ লয়। অনুষ্ঠানৰ শেষৰ ফালে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞাই শলাগসূচক মন্তব্য প্ৰদান কৰে।


পাঁচটা স্থানত অনুষ্ঠিত হোৱা আলোচনা সত্ৰসমূহৰ সঞ্চালনা কৰে ক্ৰমে ড৹ আৰাধনা পটংগীয়া গোস্বামী, ড৹ জোনাকী বৰুৱা, ড৹ স্বাতী কিৰণ, ড৹ বিজু মৰাণ, ড৹ ধনৰঞ্জন কলিতা, ড৹ বৰ্ণালী বৰা, ড৹ নন্দিতা দত্ত, ড৹ লক্ষ্যজিৎ বুঢ়াগোহাঁই, ড৹ দীপকজ্যোতি মহন্ত আদি ব্যক্তিয়ে পুৱা ১০ বজাৰ পৰা উমানন্দ দুৱৰাই তেওঁৰ গ্ৰামোফোনৰ বিশাল আৰু মনোৰম সংগ্ৰহ মহাবিদ্যালয়ৰ কনফাৰেন্স হলত সকলোৰে আগত উপস্থাপন কৰে। প্ৰদৰ্শনী চাবলৈ অহা ছাত্ৰ ছাত্ৰী তথা অতিথিসকলক গ্ৰামোফোন ৰেকৰ্ড বজাই শুনোৱাৰ লগতে তেওঁ অসমীয়া গ্ৰামোফোনৰ ইতিহাস সম্পৰ্কীয় বহু কথা তথ্যসহ অৱগত কৰে। পুৱাৰ পৰা সন্ধিয়া প্ৰায় আঠ বজালৈকে এই প্ৰদৰ্শনী খোলা থাকে আৰু মানুহৰ ভিৰে প্ৰদৰ্শনীখনী সাফল্যমণ্ডিত কৰি তোলে।


আজি দিনৰ ১২ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত আকাশবাণী ডিব্ৰুগড়ৰ এটি অনুষ্ঠান হয়। ‘অন্তৰা’ শীৰ্ষক এই অনুষ্ঠানটোৰ পৰিচালনা কৰে পৰশা কোঁৱৰে। তেওঁৰ লগতে সহযোগী হিচাপে থাকে শ্ৰীময়ী বৰদলৈ, নিৰ্মালি শইকীয়া, সন্তোষ ঠাকুৰ। ‘অন্তৰা’ অনুষ্ঠানত তেওঁলোকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া, গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ সমন্বয়ক ড° অৰবিন্দ ৰাজখোৱা, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি শ্যামল প্ৰতীম শইকীয়া; কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ – ছাত্ৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।


বিয়লি দুই বজাত গ্ৰন্থমেলাৰ মুকলি মঞ্চত অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এটি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত গ্ৰন্থ, গ্ৰন্থমেলা আদি সম্পৰ্কীয় হোৱা বিষয়ৰ আলোচনাত সকলৱে সক্ৰিয় অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত নৰ্থ লখিমপুৰ কলেজ, লখিমপুৰ বালিকা মহাবিদ্যালয়, নৰ্থ বেঙ্ক কলেজ, কে চি দাস কৰ্মাচ কলেজ, দেৱৰাজ ৰয় মহাবিদ্যালয়, বিহালী ডিগ্ৰী কলেজ আৰু নাহৰকটীয়া মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। আজিও আগৰ কেইদিনৰ দৰে গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উৎসাহ দেখা যায়। সন্ধিয়ালৈ ইন্দিৰা মিৰি ছাত্ৰী নিবাস উদ্যোগত এটি স্মাৰক অনুষ্ঠান অনুষ্ঠিত হয়।

Related Articles