Breaking

ধুনীয়া ছালৰ বাবে দামী ক্ৰীম নহয়; এইদৰে তৰমুজ ব্যৱহাৰ কৰক…

0 51

ধুনীয়া ছালৰ বাবে দামী ক্ৰীম নহয়; এইদৰে তৰমুজ ব্যৱহাৰ কৰক। আজি আমি আপোনালোকক জনাম তৰমুজ ব্যৱহাৰ কৰি কিদৰে আপোনাৰ ছাল ধুনীয়া কৰি ৰাখিব। যদি আপুনি মুখত তৰমুজ ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ ছালখনক ৰ’দৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰিব। তৰমুজ কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও উপকাৰী। গতিকে আহকচোন জানোঁ কেনেকৈ তৰমুজৰ জৰিয়তে মুখখন ধুনীয়া কৰিব…..

তৰমুজৰ ফেচ পেক বনাবলৈ উপকৰণ-

তাৰ পিছত আপুনি অলপ তৰমুজৰ ৰস এটা বাটিত লৈ ল’ব।
ইয়াৰ পিছত এই ৰসত প্ৰায় এক চামুচ মৌ দিব।
তাৰ পিছত এই দুয়োটা বস্তু ভালদৰে মিহলাই মসৃণ কৰি লওক।
এইদৰে তৰমুজ হাইড্ৰেটিং ফেচ পেক বনাব পাৰি।

তৰমুজৰ ফেচ পেক ব্যৱহাৰ কৰা আগমূহুৰ্তত মুখখন ভালদৰে চাফা কৰি ল’ব।
তাৰ পিছত গোটেই মুখত ভালদৰে এই ফেচ পেক ব্যৱহাৰ কৰক। ইয়াৰ পিছত আঙুলিৰ মূৰেৰে মুখখন কিছু সময় মালিচ কৰিব। তাৰ পিছত ২০ মিনিটমান লগাই শুকুৱাই লৈ সাধাৰণ পানীৰ সহায়ত মুখখন ধুই পৰিষ্কাৰ কৰিব।
ভাল ফলাফলৰ বাবে এই পেকটো সপ্তাহত কমেও ৩ বাৰ ব্যৱহাৰ কৰিব লাগিব।

Leave A Reply

Your email address will not be published.