Breaking

১৩ বছৰীয়া বন্ধুত্বঃ চিনেমাত নহয় এইবাৰ সংসদত একেলগে চিৰাগ পাছৱান আৰু কংগনা ৰানাৱত…

0 72

বলীউডৰ অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাউট আৰু লোক জনশক্তিৰ চিৰাগ পাছৱানৰ ভিডিঅ’ পোহৰলৈ আহিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে জয় লাভ কৰিছে। তেওঁ মাণ্ডীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীক ৭৪ হাজাৰ ভোটত পৰাস্ত কৰে। আনহাতে, অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা চিৰাগ পাছৱান আৰু কংগনা পুৰণি বন্ধু। ১৩ বছৰ পূৰ্বে চিৰাগে কংগনাৰ সৈতে একেলগে অভিনয় কৰে।এতিয়া ফলাফলৰ মাজতে কংগনা ৰানাৱত আৰু চিৰাগ পাছৱানৰ সাক্ষাৎকাৰৰ ভিডিঅ’ পোহৰলৈ আহিছে যিটো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

দিল্লীত চলি আছে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ বৈঠক। সকলো দল-সংগঠন আৰু নেতা দিল্লীলৈ আহিছে। এই বৈঠকৰ বাবে কংগনা ৰানাৱত আৰু চিৰাগ পাছৱানেও দিল্লীত উপস্থিত হৈছে। ইয়াতেই দুয়োজনে কেমেৰাৰ সন্মুখত লগ হৈছিল আৰু দুয়োৰে এই ভিডিঅ’টো বহুতে ভাল পাইছে।

হঠাতে সংবাদ মাধ্যমৰ মুখামুখি হ’ল লোক জনশক্তি (ৰামবিলাস)ৰ নেতা চিৰাগ পাছৱান। ঠিক তেতিয়াই কংগনা ৰানাউট সন্মুখেৰে পাৰ হৈ গৈছিল। অভিনেত্ৰীগৰাকীক দেখাৰ লগে লগে কংগনাক মাত দিলে আৰু তাৰ পিছত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। ইয়াত চিৰাগ পাছৱানেও কুইন অভিনেত্ৰীগৰাকীক বিজয়ী হোৱাৰ বাবে অভিনন্দন জনায়।

চিৰাগে কংগনাক শক্তিশালী বুলি কয়। তেওঁ ক’লে, আমাৰ মাজত ভাল বন্ধুত্ব আছে। আমিও একেলগে এখন ছবি কৰিছো আৰু এতিয়া আমি সংসদতো লগ হৈ যাম। মই ভাবো কংগনা এগৰাকী বৰ শক্তিশালী মহিলা। তেওঁ সদায় ভুলৰ বিৰুদ্ধে মাত মাতে। সংসদত তেওঁৰ প্ৰথম ভাষণৰ বাবে অপেক্ষা কৰি আঁছো।

Leave A Reply

Your email address will not be published.