Breaking

যাদু নহয়, বাস্তৱঃ মাত্ৰ পাঁচ দিনত চন্দ্ৰবাবু নাইডুৰ পত্নীৰ চন্দুকত সোমাল ৫৩৫ কোটি টকা, পুত্ৰৰ ২৩৭ কোটি!

0 107

যাদু নহয়, বাস্তৱ৷ দেশত এক্সিট পল প্ৰকাশ আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে উত্থান ঘটা শ্বেয়াৰ বজাৰে সৌভাগ্যৰ দুৱাৰ পুনৰ মুকলি কৰি দিলে চন্দ্ৰবাবু নাইডুৰ পৰিয়ালৰ৷ অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত নাইডুৰ দল টিডিপিয়ে ভাল প্ৰদৰ্শন কৰাৰ পিছত চন্দ্ৰবাবু নাইডুৱে প্ৰতিষ্ঠা কৰা এটা কোম্পানীয়ে যথেষ্ট লাভ অৰ্জন হৈছে। যোৱা পাঁচ দিনত হেৰিটেজ ফুডছৰ শ্বেয়াৰ ৫৫ শতাংশ উৰ্ধগামী হোৱাৰ ফলত কোম্পানীটোৰ প্ৰমোটাৰ তথা নাইডুৰ পত্নী নৰা ভুৱনেশ্বৰীৰ আয় ৫৭৯ কোটি টকা বৃদ্ধি পাইছে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতে ৩ জুনত এই ষ্টক ব্যৱসায়ৰ শ্বেয়াৰৰ মূল্য আছিল ৪২৪ টকা। এতিয়া হেৰিটেজ ফুডছৰ শ্বেয়াৰৰ মূল্য ৬৬১.২৫ টকালৈ বৃদ্ধি পায়।

ফলত কোটি কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে নাইডুৰ পত্নী আৰু পুত্ৰই৷ চন্দ্ৰবাবু নাইডুৱে ১৯৯২ চনত হেৰিটেজ ফুডছ নামৰ কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল।কোম্পানীটোৰ ৱেবছাইটত ইয়াক “ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজহুৱা তালিকাভুক্ত কোম্পানী” বুলি উল্লেখ কৰা হৈছে। কোম্পানীটোৰ দুটা ব্যৱসায়িক শাখা আছে – দুগ্ধ আৰু নবীকৰণযোগ্য শক্তি। বৰ্তমান হেৰিটেজৰ গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ বজাৰ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, ওড়িশা, দিল্লী, হাৰিয়ানা, ৰাজস্থান, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈ প্ৰসাৰিত হৈছে৷ নৰা ভুৱনেশ্বৰী কোম্পানীটোৰ শীৰ্ষ শ্বেয়াৰ হোল্ডাৰ৷ বিএছইৰ তথ্য অনুসৰি কোম্পানীটোত তেওঁৰ ২,২৬,১১,৫২৫টা শ্বেয়াৰ আছে। নাইডুৰ পুত্ৰ নৰা লোকেশৰ হাততো হেৰিটেজ ফুডছৰ ১,০০,৩৭,৪৫৩ টা শ্বেয়াৰ আছে।ষ্টক উৰ্ধগামী হোৱাৰ পিছত লোকেশৰো ২৩৭.৮ কোটি টকা বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.