“আমাৰ মাতৃভাষা অসমীয়া , ৰাজ্য ভাষা অসমীয়া । বিভিন্ন জাতি- জনগোষ্ঠীৰ ভাষা আছে । বড়ো জনগোষ্ঠী ষষ্ঠ অনুসূচীতলৈ স্বীকৃতি দিছে । ৰাভা , মিছিং , তিয়া ,টাই , কাৰ্বি আন আন জনগোষ্ঠীয় ভাষা সকলো স্তৰলৈ আমাক স্বীকৃতি দিছে । গতিকে ভাষা সমূহ বিকাশ হোৱাৰ ব্যৱস্থা কৰিব লাগিব ।”” এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড”” সমুজ্বল ভট্টাচাৰ্যৰ ।
কালি নিশা লক্ষীপুৰ ৰঙালী বিহু উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওয়া বহাগী নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰি ভাষন প্ৰসঙ্গত ভট্টাচাৰ্যই এই মন্তব্য কৰে । তেওঁ কয় ” সকলোবোৰ জনগোষ্ঠীয় ভাষাবোৰ বিকাশ হলেহে আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰি আমি আগ বাঢ়ি যাব পাৰিম । এতিয়া অষ্টম মান শ্ৰেণীলৈকে আমাৰ ছাত্ৰ -ছাত্ৰীয়ে হিন্দী শিকি আছে । দশম মান শ্ৰেনীলৈকে যাতে আমাৰ হিন্দী জাপি দিয়াৰ সিদ্ধান্ত যাতে চৰকাৰে গ্ৰহন নকৰে তাৰ কাৰনে আমি উভয় চৰকাৰক স্পষ্ট কৰি দিব খুজিছোঁ ।
বাধ্যতামূলক ভাবে জাপি দিয়া সিদ্ধান্ত আমি মানি লোৱাত প্ৰস্তুত নহয় । এনে সিদ্ধান্ত নলবলৈ চৰকাৰ দুখনৰ ওচৰত দাবী জনালোঁ । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষীপুৰ ৰঙালী বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা কালি বিহু সন্মিলনী জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠানৰে সামৰণি পৰে ।
বিহু মঞ্চ উদ্বোধন কৰে প্ৰাক্তন মূখ্য মন্ত্ৰীৰ প্ৰাক্তন কৰ্তব্যৰত বিষয়া ড”প্ৰকাশ কাশ্যপে । বিহু নৃত্য , ৰাভা , বড়ো , হাজং, দেশী আদি বিভিন্ন কৃষ্টিৰ নৃত্যৰে ৰজনজনাই উঠে লক্ষীপুৰৰ বিহু বাকৰি । প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী বিহু মঞ্চ উদ্বোধন কৰে সোদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাঙ্ক নাথে । মঞ্চত লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীকে ধৰি ভালেমান শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰে ।