মাস্কখন নেৰিব ।

দৈনন্দিন বাৰ্তা

প্ৰশাসন আৰু সচেতন ৰাইজৰ বাৰম্বাৰ আহ্বানৰ পিছতো কিন্তু  আজিও শতকৰা পঞ্চাশ শতাংশ লোকৰে এই ক্ষেত্ৰত গুৰুত্ব নাই যেন দেখা যায়৷ ক’ৰ’নাৰ ভয়াৱহতা যোৱা দুমাহে দেখাৰ পাছত আজিও কাৰোবাক সামাজিক দূৰত্ব, মাস্ক আদিৰ বিষয়ে কিবা ক’ব লগা থাকিব নালাগিছিল৷ আমাৰ দূৰ্ভাগ্য আমাৰ দেশৰ লোকসকল পৰ্যাপ্ত পৰিমাণে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হয়তো নহয় ৷ আমি যাৰ যি মন যায় কৰক বুলি বিষয়টোক আওকাণ কৰিবও নোৱাৰোঁ৷ কাৰোবাৰ সচেতনতাৰ অভাৱে বিপদ মাতি আনিব হাজাৰজনলৈ৷ মাস্ক এখন ক’ৰ’নাৰ লগত যুঁজিবলৈ একমাত্ৰ আহিলা নহয় ঠিকেই, কিন্তু ই যে এক শক্তিশালী আহিলা সেইয়া নিশ্চিত৷ গতিকে ঘৰৰ পৰা ওলালেই সঠিককৈ মাস্ক পৰিধান কৰাতো আৰু প্ৰয়োজনত ঘৰৰ ভিতৰতো মাস্ক ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলাৰ নিতান্তই প্ৰয়োজন৷ আজিৰ তাৰিখৰ এখন সুলভ দৃশ্য ডিঙি বা কানত ওলমি থকা মাস্ক, অথচ সি নাক মুখ আৱৰি নাথাকে৷ পুলিচৰ ভয়ত বা জৰিমনাৰ ভয়ত নহয়, নিজৰ আৰু আন দহৰ সুৰক্ষাৰ বাবে মাস্কৰ সঠিক ব্যৱহাৰ কৰক৷ আজিৰ তাৰিখত লকডাউনৰ ওপৰত ডাঙৰ ভাষন দিয়াটো সহজ, কিন্তু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীটোৰ বাবে বা ৰোগীসকলৰ বাবে এই সময় কিমান ভয়ানক তাক অকল ভুক্তভুগীয়েহে অনুমান কৰিব পাৰে৷ গতিকে আমি মাস্ক পৰিধান কৰি স্বাস্থ্যবিভাগে বান্ধি দিয়া নিয়মখিনি মানিবই লাগিব, নহলে অনাগত দিনত আহিবলগা বিপদ কল্পনাতীত৷ মাস্কখনে আমাক মানসিকভাৱেও বহুখিনি সচেতন কৰি ৰাখে, কৰ্মব্যস্ততাৰ মাজতে মাস্কখনৰ উপস্থিতিয়ে আমাক সচেতন হোৱাত সহায় কৰে ৷ ধুলি বালি নাক মুখেৰে সোমোৱাত বাধা দি বতৰৰ বহু ৰোগৰ পৰা ই আমাক ৰক্ষা কৰি আহিছে৷ ঘৰৰ শিশুসকলোকো আমি এতিয়াই এই অভ্যাস গঢ়ি দিব লাগিব, অন্যথা স্কুলৰ শ্ৰেণী আৰাম্ভ হোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিবলৈ তেওঁলোকে অসুবিধা পাব, যি এক নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া, আমি ক’ৰ’নাৰ পৰা বাচিবলৈ কেনে মাস্ক ব্যৱহাৰ কৰিছোঁ৷ বৰ্তমান বজাৰত চাহিদা অনুপাতে মাস্ক উপলব্ধ নহয়, দামো অধিক৷ বহুতেই দেখাক দেখি দামী মাস্ক কিনি এখন মাস্কে সদায় ব্যৱহাৰ কৰি আছে ৷ বহুতে জানি শুনিও সাধাৰণ ছাৰ্জিকেল মাস্কখনকে এবাৰো সলনি কৰা নাই৷ এই কথাবোৰ বেছি বিপদজনক৷ ব্যৱহাৰ কৰি থকা মাস্কখন পুনৰ ব্যৱহাৰৰ কাৰণে যোগ্য হয়নে তাক জানি লোৱাৰ দৰকাৰ৷ তাতকৈ ডাঙৰ কথা তাৰ সঠিক ব্যৱহাৰ৷ কাৰণ মাস্কখনৰ বাহিৰভাগত বীজাণু লাগি থকাৰ যথেষ্ট সম্ভাৱনা থাকে৷ হকে বিহকে মাস্ক খোলা পিন্ধা কৰি থাকিলে বীজাণু শৰীৰৰ ভিতৰ পাবলৈ বেছি পৰ নালাগিব৷ ৰাস্তাত মাস্ক নমাই তামোল পাগুলি থকা মানুহ প্ৰায়ে দেখি আহিছোঁ৷ এনেবোৰ কাম বিপদজনক৷ সচেতন হ’বৰ হ’ল, কিবাকে ভাইৰাছবিধৰ কমিউনিটি স্প্ৰেড হব লাগিলে চিকিৎসাৰ অভাৱত কিমানৰ মৃত্যু হ’ব ঠিকনা নাই৷ এইকেইদিন গামোচাৰ মাস্ক পিন্ধাৰ প্ৰতিযোগিতা চলিছে৷ দেখাত সুন্দৰ আৰু অসমীয়া আৱেগ এটাও নিশ্চয় জড়িত হৈ আছে ৷ তাতকৈ ডাঙৰ কথা আমি বহুতেই চৰা দামত বজাৰত মাস্ক কিনিব সক্ষম নহয়৷ গামোচা বা অইন ডাঠ কাপোৰৰ মাস্ক আমি ঘৰতে তৈয়াৰ কৰি লব পাৰোঁ৷ কিন্তু এনে মাস্ক পিন্ধি বাহিৰৰ পৰা অহাৰ লগে লগে মাস্কখন নিলগাই ৰাখি ভালকৈ ধুই শুকোৱাব লাগে৷ ব্যৱহৃত মাস্ক শিশুসকলৰ পৰা যিকোনো প্ৰকাৰে আঁতৰাই ৰাখিব লাগে৷ চেনিটাইজ নকৰাকৈ পুনৰ ব্যৱহাৰ অতি বিপদজনক৷ এইকেইদিন টিভি কাকতৰ পৰা চছিয়েল মিডিয়ালৈকে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু অভিজ্ঞ ব্যক্তিসকলে মাস্কৰ সঠিক ব্যৱহাৰ সম্বন্ধে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে বিভিন্ন বাৰ্তা প্ৰচাৰ কৰি আছে৷ আমি সেই নিৰ্দেশনাবোৰ সঠিকভাৱে মানি চলিব যত্ন কৰিব লাগে৷ মুঠতে মাস্কক আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ বুলি ভাবক আৰু ভুলতো মাস্কখন নেৰিব৷ Attachments area

Related Articles