Breaking

বেছি দিন নাই! ১২ জুলাইত অনন্ত-ৰাধিকাৰ বিয়া, বিয়াত বলীউডেই নহয় হলিউডৰ তাৰকাইও নাচিব…

0 15

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ। ইফালে, বলীউডৰ তাৰকাৰ লগতে হলিউডৰ তাৰকাসকলেও অনন্ত-ৰাধিকাৰ বিয়াত অনুষ্ঠান পৰিৱেশন কৰিব বুলি খবৰ ওলাইছে।বে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। অনন্ত-ৰাধিকাৰ বিয়াৰ প্ৰস্তুতি কেইবামাহো ধৰি চলি আছে। কিছুদিন পূৰ্বে খবৰ ওলাইছিল যে বলীউডৰ তাৰকাসকলে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত শোভা বঢ়াব আৰু এতিয়া খবৰ ওলাইছে যে হলিউডৰ তাৰকাসকলেও অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত অভিনয় কৰিব পাৰে।


খবৰ অনুসৰি বিখ্যাত ৰেপাৰ তথা গায়ক ড্ৰেকে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত কণ্ঠদান কৰিব পাৰে। আমেৰিকাৰ গায়িকা লানা ডেল ৰে আৰু ব্ৰিটিছ পপ গায়িকা এডেলেও অনন্ত-ৰাধিকা মাৰ্চেণ্টৰ বিয়াত কণ্ঠদান কৰিব পাৰে।মাৰ্চ মাহত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং ফাংচনত অনুষ্ঠান পৰিৱেশন কৰিছিল ৰিহানাই।এতিয়া অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ চলিব।

Leave A Reply