Breaking

এক নবেম্বৰত কৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস, বাসৱ চন্দ্ৰ কলিতাৰ বৰ্ণিল কৰ্মজীৱনৰ আধাৰত উন্বোচন হব অভ্ৰভেদী

0 98

দৈনন্দিন বাৰ্তৰ সেৱা, শুৱালকুছিঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত অহা এক নবেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় ভাবে কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন কৰা হব। দৈনন্দিন বাৰ্তাক গুৱাহাটী জিলা পৰিষদৰ সম্পাদক হেমন্ত লহকৰে জানিব দিয়া অনুসৰি গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেখ্যাগৃহত এক নবেম্বৰত  পুৱা ৯ বজাত পৰিষদৰ পতাকা  উত্তোলন। ৯-১৫ বজাত  ছহীদ বেদীত বন্তি প্ৰজ্বলন ও পুস্পাঞ্জ্যলী। ৯-৩০ বজাত  সৰ্বধৰ্ম প্ৰাৰ্থনা। ১০ বজাত স্মৃতি চাৰণ সভা। দিনৰ ১২ বজাত গুৱাহাটী জিলাৰ প্ৰাক্তন বিষয় ববীয়াৰ সম্বৰ্ধনা অনুষ্ঠান আৰু ১ বজাত গ্ৰন্থ উম্নোচন কৰা হব।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,  মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,  কৃষি মন্ত্ৰী অতুল বৰা,  অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় বিষয়া হিমাংশু শেষৰ দাস,  সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা উপস্থিত থাকিব।

উক্ত সভাতে সুদীৰ্ঘ দিন ধৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্ব বহন  কৰা পৰিষদৰ  কান্দাৰী বাসৱ চন্দ্ৰ কলিতাৰ বৰ্ণিল কৰ্মজীৱনৰ আধাৰত সম্পাদনা কৰা অভিনন্দন গ্ৰন্থ অভ্ৰভেদী শুভ  উম্মোচন কৰা হব। মনোজ লহকৰৰ সম্পাদনাত উম্নোচন হবলগীয়া সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত সম্পাদক প্ৰধান মৃণাল দাসে সদৌতিলৈ উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.